বিশেষ ৰাজ্যৰ দাবী, লোকসভাৰ চেন্ট্ৰল হ’লত অসুস্থ টিডিপিৰ সাংসদ মুৰলী, ‘ধৰ্ণা’ অব্যাহত আছে

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত লোকসভাৰ চেন্ট্ৰেল হ’লৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰখা টিডিপিৰ সাংসদ মুৰলী মোহন অসুস্থ হৈ পৰে৷ সাংসদগৰাকীক চিকিৎসালয় ভৰ্তি কৰিব লগা হয়৷ সংসদ ভৱন চৌহদত হঠাৎ অসুস্থ হৈ পৰে সাংসদগৰাকী৷ ততাতৈয়াকৈ সাংসদগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে আন সাংসদ তথা মাৰ্চেলে৷ 

অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক দল তথা ৰাজ্যখনৰ শাসকীয় দল টিডিপিৰ সাংসদে বিশেষ ৰাজ্য প্ৰদানৰ দাবীত সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বৃহস্পতিবাৰ টিডপিৰ সাংসদে লোকসভা ভৱনৰ চৌহদত ‘ধৰ্ণা’ অব্যাহত ৰাখিছে৷ 

বৃহস্পতিবাৰে নিশা লোকসভাৰ মাৰ্চেলে প্ৰথমে সাংসদসকলক বুজনি দি সদনৰ পৰা উলিয়াই নিয়াৰ চেষ্টা কৰে যদিও সাংসদসকলে কোনো কাৰণত ওলাই যাবলৈ ৰাজি নহয়৷ তাৰ পাছত মাৰ্চেলে দাং কোলাকৈ উলিয়াই আনিবলৈ বাধ্য হয় সাংসদসকলক৷ তাৰ পিছতো প্ৰতিবাদ অব্যাবক ৰাখিছে সাংসদসকলে৷

বৃহস্পতিবাৰে বিৰোধীৰ সাংসদৰ তীব্ৰ হৈ-হাল্লা, প্ৰতিবাদৰ বাবে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে দিনটোৰ বাবে সদন স্থগিত ৰাখে৷ কিন্তু দেশৰ আন আন প্ৰান্তৰ বিভিন্ন দলৰ সাংসদসকল সদনৰ পৰা ওলাই আহে যদিও টিডিপিৰ সাংসদসকলে লোকসভাৰ ভিতৰতে অনশনত বহে৷ নিশালৈকে প্ৰতিবাদ সাব্যস্ত কৰাত চিকিৎসা কৰিব লগা হয় সাংসদসকলৰ৷

মাৰ্চেলে দাঙি উলিয়াই অনাৰ পিছতে এয়া অন্ধ্ৰপ্ৰদেশৰ লোকক কৰা অপমান বুলি কৈ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনাই চৰকাৰক৷ বৃহস্পতিবাৰে পুৱাৰে পৰা লোকসভাৰ চেন্ট্ৰেল হ’ল অনশনত বহিছিল টিডিপিৰ সাংসদে৷ অধ্যক্ষৰ চেম্বাৰৰ পৰা ওলাই আহি চেন্ট্ৰেল হ’লৰ সন্মুখত ধৰ্ণাত বহে৷ বৃহস্পতিবাৰে নিশাও দুই টিডিপিৰ সাংসদ আনা কাপেল্লে আৰু এম শ্ৰীনিৱাস ৰাওক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল৷