উন্নয়নৰ প্ৰলোভন দেখুৱাই কোনো ৰাজনৈতিক দলে যদি দৰিদ্ৰ জনতাৰ পৰা ভোট হাচিল কৰি জনতাক লুটিছে, আনফালে আকৌ কোনো ৰাজনৈতিক দলে লুটি খোৱা চামৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাজপথলৈ উলিয়াই আনিছে সাধাৰণ জনতাক৷ মুঠতে ৰাজনৈতিক দলৰ স্বাৰ্থাম্বেষী অভিপ্ৰায়ৰ মাজত প্ৰতিদিনে পিষ্ট হৈ আহিছে সাধাৰণ দৰিদ্ৰ জনতা৷

newsnextone.com | গুৱাহাটীঃ প্ৰতিবাদৰ আন এক নাম দৰিদ্ৰতা৷ মূল্যবৃদ্ধি আদি বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দৰিদ্ৰ জনতাইহে৷ কিয়নো মূল্যবৃদ্ধিয়ে ধনীক শ্ৰেণীক জুৰুলা নকৰে৷ আনহাতে ৰাজনৈতিক দল-সংগঠনে সাব্যস্ত কৰা প্ৰতিবাদ এখন ভাওনাহে হৈ পৰা পৰিলক্ষিত হয়৷ ৰাজনৈতিক নেতা সকলে আধাঘন্টা ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি পিছত শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত উঠি শীত-তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই থাকেগৈ৷ তেওঁলোকৰ বাবে প্ৰতিবাদ, অনশন, ধৰ্মঘট আদি শব্দবোৰ কেৱল ৰাজনৈতিক স্বাৰ্থতহে ব্যৱহৃত৷
কিন্তু দৰিদ্ৰ জনতাই প্ৰতিবাদৰ নামত ৰাজপথলৈ ওলাই আহে৷ প্ৰচণ্ড ৰ’দ-বৰষুণক বুকু পাতি লৈ, প্ৰশাসনৰ হাতত নিৰ্যাতিত হৈ পুনৰ সেই একেই দৰিদ্ৰ শ্ৰেণীয়ে নিজ নিজ কামত ব্যস্ত হৈ পৰে৷ প্ৰতিবাদ ‘আমি সাধাৰণ মানুহক বুজি পাও’ বুলি দেখুৱাবলৈ ৰাজনৈতিক দলসমূহৰ এখন স্বাৰ্থজড়িত উদ্বেগপূৰ্ণ নাটকৰ বাহিৰে আন একো নহয়৷
দৰিদ্ৰ শ্ৰেণীৰ অভাৱ বেছি৷ তাৰেই সুবিধা লৈ একাংশ দল-সংগঠনে দৰিদ্ৰ শ্ৰেণীক নিজৰ ইচ্ছামতেই ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হয়৷ উন্নয়নৰ প্ৰলোভন দেখুৱাই কোনো ৰাজনৈতিক দলে যদি দৰিদ্ৰ জনতাৰ পৰা ভোট হাচিল কৰি জনতাক লুটিছে, আনফালে আকৌ কোনো ৰাজনৈতিক দলে লুটি খোৱা চামৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাজপথলৈ উলিয়াই আনিছে সাধাৰণ জনতাক৷ মুঠতে ৰাজনৈতিক দলৰ স্বাৰ্থাম্বেষী অভিপ্ৰায়ৰ মাজত প্ৰতিদিনে পিষ্ট হৈ আহিছে সাধাৰণ দৰিদ্ৰ জনতা৷
ধনীক শ্ৰেণীৰ নহয়, দৰিদ্ৰ পৰিয়ালৰ এটি শিশুক এটা ৰাজনৈতিক দলে প্ৰতিবাদৰ নাম দি উগ্ৰ বেলিটো মুৰত গুজি ৰাজপথত বহুৱাই ৰখা কাৰ্যই সৃষ্টি কৰিছে আন এক বিতৰ্কৰ৷ প্ৰতিবাদৰ সংজ্ঞা বুজি নোপোৱা শিশুটিক প্ৰতিবাদৰ শ্ল’গান দিবলৈ বাধ্য কৰোৱা একাংশ ৰাজনৈতিক নেতা কৰ্মীৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে সমগ্ৰ ৰাজ্যৰ সচেতন মহল৷
বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে পালন কৰিছিল বিশ্বাসঘাতকতা দিৱস৷ ১৮২ টা প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ কালত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ৰন্ধন গেছলৈকে সকলোতে মুল্য বৃদ্ধি হৈছে৷ যাৰ ফল ভোগ কৰিব লগীয়া হৈছে সাধৰণ জনতাই৷
তাৰেই প্ৰতিবাদ জনাই বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে বিশ্বাসঘাতকতা দিৱস পালন কৰে৷ গৰুগাড়ী, ঘোঁৰাগাড়ী, চাইকেল চলাই ৰাজ্যৰ প্ৰতিখন জিলাতে কংগ্ৰেছ ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰৰ মুল্য বৃদ্ধিৰ তিব্ৰ বিৰোধিতা কৰে৷ আনহাতে কংগ্ৰেছৰ এই অভিনৱ প্ৰতিবাদত অংশ লয় সাধাৰণ জনতাইও৷ বিজেপি চৰকাৰখনে নিজ কাৰ্যকালত চৰকাৰ গঠনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এটাও পূৰণ কৰা নাই বুলি অভিযোগ উত্থাপিত হয়৷
সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে বুধবাৰে লখিমপুৰ জিলা কংগ্ৰেছেও বুধবাৰে সাব্যস্ত কৰিছিল অভিনৱ প্ৰতিবাদ৷ প্ৰচণ্ড ৰ’দক নেওচা দি সদলবলে ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মী৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখন জনবিৰোধি নীতি অাৰু অপশাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই লখিমপুৰৰ ৰাজপথতো পালন কৰা হয় বিশ্বাসঘাতকতা দিৱস৷
কিন্তু লখিমপুৰ জিলা কংগ্ৰেছে সদলবলে ওলাই আহি বিশ্বাসঘাটকতা দিৱস পালন কৰাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় কংগ্ৰেছ৷ এগৰাকী কণমানি শিশুক প্ৰচণ্ড ৰ’দত তামোলৰ ঢকুৱাত বহুৱাই প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাক লৈ লখিমপুৰ জিলা কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৰাজ্যবাসী৷ কিদৰে এটি কণমানি শিশুক প্ৰচণ্ড ৰ’দত বহুৱাই ৰখা হ’ল তাক লৈ কংগ্ৰেছ বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হবলগীয়াত পৰে৷
আনহাতে ১৫ বছৰীয়া শাসন কালত ৰাজ্যৰ উন্নয়ন সম্ভৱ কৰিব নোৱাৰা কংগ্ৰেছে এতিয়া এটি শিশুৰ সহায়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাক গৰিহণা দিয়ে ৰাজ্যৰ সচেতন মহলে৷ অসমত কংগ্ৰেছৰ যিখিনি স্থিতি আছিল, এনে কাণ্ডই তাকো শেষ কৰিছে বুলিও কংগ্ৰেছৰ ভিতৰ চৰাত আলোচনা চলে৷
ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত কংগ্ৰেছৰ লখিমপুৰ জিলা কংগ্ৰেছৰ এনে দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডা০ জয়প্ৰকাশ দাসে৷ এনে কাণ্ডই লখিমপুৰ জিলা কংগ্ৰেছক লজ্জানত কৰিছে বুলি উল্লেখ কৰি জয়প্ৰকাশ দায়ে কয় যে এটি শিশুক প্ৰচণ্ড ৰ’দৰ মাজত প্ৰতিবাদথলীত থিয় কৰোৱাটো কেতিয়াও প্ৰতিবাদৰ নীতি হ’ব নোৱাৰে৷ এই ঘটনাৰ তদন্ত হ’ব বুলিও আশ্বাস দিয়ে জয়প্ৰকাশ দায়ে৷
এই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিত্ৰিয়া আৰম্ভ হয়৷ লখিমপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ শিশুটোৰ মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মাতৃক আটক কৰে। আনহাতে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ড০ সুনীতা চাংকাকতিয়ে কংগ্ৰেছে এই ঘটনাৰ বাবে ক্ষমা বিচৰা কাৰ্যক উভতি ধৰি ক্ষমা খুজিলেই নহ’ব বুলি কৈ ঘটনাৰ উচিত তদন্ত হ’ব বুলি কৈ দোষীয়ে শাস্তি পাবই বুলি কয়।
আনফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ঘটনা সন্দৰ্ভত এক দলীয় তদন্ত সমিতি গঠন কৰি ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছে৷ দুৰ্লভ চমুৱা আৰু ৰমেন বৰঠাকুৰক তদন্তৰ দায়িত্ব প্ৰদান কৰি লখিমপুৰ প্ৰতিবাদত শিশুক ব্যৱহাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে দলে উটিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰিপুণ বৰাই৷