
নলবাৰীঃ সুমধুৰ কণ্ঠৰ যাদুৰে হাজাৰ শ্ৰোতাৰ মন জিকিবলৈ সক্ষম হ’ল নলবাৰীৰ এজন উদিয়মান শিল্পীয়ে৷ গানৰ পথাৰখনত নকৈ খোজ পেলাই সৌৰভ শংকৰ নামৰ উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকৰ আশীৰ্বাদ আৰু মৰম বুটলিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে, শিল্পীগৰাকীৰ কণ্ঠৰ লি-লাং লিং-লাং গীতটোৱে সংগীত ক্ষেত্ৰখনত বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দেওবাৰে নিশাও কণ্ঠশিল্পীগৰাকীয়ে নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ ক্ষুদ্ৰ ডিংডিঙিৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে৷
ক্ষুদ্ৰ ডিংডিঙিত যুৱক গোষ্ঠীৰ সৌজন্যত ইদ মেহফিল উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণ হিচাপে সৌৰভ শংকৰ আৰু মিছ জুৰিমাই সংগীত পৰিবেশন কৰে।
উল্লেখ্য যে লিংলাঙ লিংলাঙ, ঔজুনু, ছিটিকি ছিটিকি, দুচকুৰে আঁতৰ হৈ আদি জনপ্ৰিয় গীতৰ লগতে লগতে জুবিন গাৰ্গৰ 'মিচন ছাইনাৰ' দিন জ্বলে ৰাতি জ্বলে গীতটি পৰিৱেশন কৰি দৰ্শকৰ মাজত বেচ সমাদৃত হয় সৌৰভ শংকৰ৷