
অভয়াপুৰীঃ শিক্ষক দিৱসৰ দিনটোত এগৰাকী শিক্ষকৰ পৰিয়ালৰ কৰুণ জীৱন গাথা। আজি শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি বিশ্ব বিশ্ৰুত পণ্ডিত আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস। আমাৰ ৰাজ্যখনতো চৰকাৰী খণ্ডতেই হওঁক অথবা বেচৰকাৰী খণ্ডতেই হওঁক গুৰু-শিষ্যৰ মাজত বেছ উলহ মালহেৰে পালন কৰা হয় এই পবিত্র দিৱসটি।
শিক্ষক সকলৰ নিশ্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস। কিন্তু দুখৰ বিষয় যে অসমত এনে বহুসংখ্যক শিক্ষক আছে যি সকলে সু-নাগৰিক গঢ়াৰ কমাৰশালত জীৱনৰ অতি মূল্যবান সময় অতিবাহিত কৰিলে যদিও আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল কোনোধৰণৰ চৰকাৰী স্বীকৃতি। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিৱপুৰৰ গংগেশ চন্দ্ৰ চৰকাৰে শিক্ষকতা বৃত্তিকে ব্ৰত হিচাপে লৈ ১৮ বছৰে অতি কম পাৰিশ্ৰমিকেৰে কাম কৰাৰ পিছত মৃত্যুক আকোঁৱালি লোৱা শিক্ষকগৰাকীৰ পৰিয়ালত নাজল-নাথল অৱস্থাই অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ অৱস্থাৰ দিশ উন্মোচিত কৰিছে।
১৯৮৪ চনত শিবপুৰৰ গংগেশ চৰকাৰে অযুত আশা লৈ অপ্ৰাদেশীকৃত দেওহাটী বিদ্যাপীঠত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল। ১৯৯৪ চনৰ পৰা তেওঁ চৰকাৰে প্ৰদান কৰা সামান্য বেতনেৰে পত্নী, মাতৃ আৰু ৩গৰাকী কন্যা সন্তানেৰে ভৰা সংসাৰ চলোৱা কঠিন হৈ পৰিলেও পিছহুহকি অহা নাছিল এই পবিত্র বৃত্তিটোৰ পৰা। আৰ্থিক অনাটনৰ মাজতো শিক্ষক গংগেশে অব্যাহত ৰাখিছিল জীৱন সংগ্ৰাম। কিন্ত নিয়তিৰ নিষ্ঠুৰ পৰিহাসত শিক্ষক গংগেশ আক্ৰান্ত হয় দুৰাৰোগ্য কৰ্কট ৰোগত।
আৰ্থিক ভাবে অতিশয় জুৰুলা বাবে প্ৰায় বিনা চিকিৎসাৰেই ২০০২ চনত গংগেশ চৰকাৰে মৃত্যুক সাৱটি লবলগীয়া হয়। মানুহ গঢ়াৰ সপোন দেখা গংগেশে নিথৰুৱা কৰি থৈ যায় মাতৃ, পত্নী আৰু ৩ গৰাকী কন্যা সন্তানক। ইপিনে গংগেশ চৰকাৰৰ উচ্চ শিক্ষিতা পত্নী পাৰ্বতী চৰকাৰে ১৯৯৪ চনত তদানীন্তন শিক্ষা মন্ত্ৰী শৰৎ বৰকটকীৰ কালছোৱাত লাভ কৰিছিল সহকাৰী শিক্ষকৰ চৰকাৰী চাকৰি৷ কিন্ত ৩ মাহ দৰমহা লাভ কৰাৰ পিছত সেই চাকৰি সমূহ আদালতে বাতিল কৰে।
সেই সমূহ শিক্ষকৰ একাংশৰ চাকৰি পুনৰ নিয়মীয়াকৰণ হ’ল৷ পিছে দুৰ্ভগীয়া পাৰ্বতী চৰকাৰৰহে চাকৰি নিয়মীয়া নহ’ল। উপায়ন্তৰ হৈ বৰ্ত্তমান গংগেশ চৰকাৰৰ পত্নী আৰু জীয়ৰীয়ে ঘৰুৱা টিউশ্যন কৰি এক কঠিন সংগ্ৰামৰ মাজেৰে পৰিয়ালটো চলাই আছে যদিও শিক্ষক দিৱসৰ দিনটো আহিলে পৰিয়ালটোৱে গংগেশ চৰকাৰৰ স্মৃতি ৰোমন্থন কৰি শোক বিহ্বল হৈ পৰে৷
কিন্তু স্বামী বা পিতৃৰ পবিত্র বৃত্তিটোকে সৰোগত কৰি দেশৰ এজন সু-নাগৰিক গঢ়াৰ কামত নিয়োজিত কৰাৰ বাবে এক মানসিক সন্তুষ্টি লাভো কৰে। ৰাজ্যৰ শিক্ষা খণ্ডৰ বহু পৰিবৰ্তন হ’ল, বহু অভিলাষী আচনি ঘোষণা কৰা হ’ল৷ কিন্তু এন কোনো আঁচনি সামৰি নললে গংগেশ চন্দ্ৰ চৰকাৰৰ পৰিয়ালটোক।
ৰাজ্য খনত এনে বহু সংখ্যক শিক্ষক আছে যাৰ পৰিয়ালবোৰক কেতিয়া চৰকাৰী আঁচনিয়ে ঢুকি পাব সেয়া লৈ মনত প্ৰশ্নৰ উদ্বেগ ঘটে৷