
নগাঁওঃ বৃহস্পতিবাৰৰ পৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আইভেটীৰ আই কনকলতা তথা আইলক্ষ্মী থানত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী আই কনকলতা (আইলক্ষ্মী) মহোৎসৱ৷
অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ নাতি বোৱাৰী শ্ৰী শ্ৰী আই কনকলতা তথা আইলক্ষ্মীৰ ৪২৭ তম তিথি মহোৎসৱ বিগত বছৰৰ দৰে এইবেলিও বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰাইদঙীয়াৰ আইভেটীৰ ঐতিহাসিক আই কনকলতা(আইলক্ষ্মী) থানত ওলহ-মালহেৰে আৰম্ভ হৈছে৷
২০৭ শংকৰাব্দতে স্থাপিত এই থান প্ৰাংগণত ভক্তৰ উপস্থিতিৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে ৫ বজাত বন্তি প্ৰজ্বলনেৰে তিথি মহোৎসৱৰ শুভাৰম্ভ কৰাৰ পিছতেই গায়ন-বায়নে পৰিবেশন কৰা সন্ধ্যা প্ৰসংগেৰে থান প্ৰাংগণ মুখৰিত হয়৷
শুকুৰবাৰে পুৱাৰ ভাগত উষা কীৰ্তন, আইসকলৰ নাম পৰিবেশন, দুপৰীয়া ভকতসকলৰ নাম-কীৰ্তন, বিয়লি প্ৰসাদ আৰু ভোগ বিতৰণৰ অন্তত সন্ধ্যা বন্তি প্ৰজ্বলন আৰু গায়ন-বায়নৰ দ্বাৰা আকৰ্ষণীয় জোৰা পৰিবেশনৰ অন্তত বাছক-বনীয়া শিল্পীৰ দ্বাৰা ধৰ্মমূলক অসমীয়া ভাওনা 'ত্ৰিলোচন বিজয়' প্ৰদৰ্শন কৰা হ’ব৷