দুই গোটক এক কৰাত বিফল, আৱেগিক হিতেশ্বৰে এৰিলে আক্ৰাছু

কোকৰাঝাৰঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি পদৰ পৰা হিতেশ্বৰ বৰ্মনে সোমবাৰে হঠাত পদত্যাগ কৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। একত্ৰিকৰণৰ অন্তিম সময়ছোৱাৰ পূৰ্বে হঠাতে আক্ৰাছুৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাত আক্ৰাছুকৰ্মীসকল ভাগি পৰা পৰিলক্ষ্ষিত হৈছে।

ইফালে পদত্যাগপত্ৰত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে আক্ৰাছুৰ দুয়োটা গোটৰ একত্ৰীকৰণত বিফল হোৱা বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰে৷ পদত্যাগ পত্ৰত বৰ্মনে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ, কোচ ৰাজবংশী ৰাইজৰ বহু আকাংক্ষিত একত্ৰীকৰণৰ বাবে বহু চেষ্টা কৰিও বিফল হোৱাৰ কথা উল্লেখ কৰি বিচৰা ধৰণে ৰাইজক মুকলিভাৱে দিয়া প্ৰতিশ্ৰুতি সফল হ’ব নোৱাৰিলো বুলি উল্লেখ কৰি দায়িত্ব সফলভাৱে পালন কৰিব নোৱৰাৰ বাবেই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি আক্ৰাছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷

উল্লেখ্য যে অহা ২২, ২৩ আৰু ২৪ ডিচেম্বৰত কোকৰাঝাৰৰ মইনাৰতলত আক্ৰাছুৰ দুয়োটা গোটৰ একত্ৰিকৰণ অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত হিতেশ্বৰ বৰ্মনৰ পদত্যাগে আক্ৰাছুৰ একত্ৰাকৰণ অধিবেশন এতিয়া অনিশ্চিত হৈ পৰিছে। আনহাতে হিতেশ্বৰ বৰ্মনৰ পদত্যাগ পত্ৰক লৈ ব্যাপক চাঞ্চল্য অব্যাহত থকাৰ সময়তে অহা বুধবাৰে অৰ্থাৎ অহা ২০ ডিচেম্বৰত বঙাইগাঁৱৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰিছে আক্ৰাছুৱে। সভাত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনৰ পদত্যাগ আৰু একত্ৰীকৰণ অধিবেশনত যোগদান কৰা নকৰাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।