আক্ৰাছুৰ দুই গোট একত্ৰিকৰণ নোহোৱালৈকে হিতেশ্বৰৰ পদত্যাগ মানি নলওঁ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কোকৰাঝাৰঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ দুটা গোট একত্ৰিকৰণ নোহোৱালৈকে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনৰ পদত্যাগ কেতিয়াও মানি লোৱা নহব আৰু তেওঁৰ নেতৃত্বতে আক্ৰাছুৰ দুই গোট একত্ৰিকৰণ হ’ব৷ মঙলবাৰে এক বিবৃতি যোগে এই দাবী উত্থাপন কৰে আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মুকুল কৃষ্ণ বৰ্মন আৰু সাধাৰন সম্পাদক কংকন ৰায়ে৷

ছাত্ৰ নেতাদ্বয়ে বিবৃতি যোগে জানিবলৈ দিয়া মতে, আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনৰ পদত্যাগ জিলা সমিতি সমূহে কেতিয়াও মানি লোৱা নাই আৰু সম্পূৰ্ণ অসাংবিধানিকভাৱে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছিল৷ আনহাতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতো বহু জিলা সমিতিয়ে নাকচ কৰা সত্বেও পদত্যাগ পত্ৰখন বলপূৰ্বক গ্ৰহণ কৰা হৈছিল৷

তদুপৰি উক্ত প্ৰস্তাৱটো আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ লগতে ১৪ খন জিলা সমিতিৰ সভাপতি-সম্পাদকে বিবেচনা কৰাৰ বাবে কেন্দ্ৰীয় সমিতিক লিখিতভাৱে জনাইছিল৷ সেয়ে আক্ৰাছুৰ একত্ৰিকৰণ প্ৰক্ৰিয়াত বিধি পথালি দিয়া জিলা সমিতি সমূহেও যাতে একত্ৰিকৰণ প্ৰক্ৰিয়াত সহায়-সহযোগ কৰে তাৰ বাবে আহ্বান জনাইছে আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মুুকুল কৃষ্ণ বৰ্মন আৰু সাধাৰন সম্পাদক কংকন ৰায়ে৷