১৫ মাৰ্চৰ পৰিবৰ্তে ৩০ মাৰ্চত ৰেল পথ অৱৰোধ কৰিব আক্ৰাছুৱে

কোকৰাঝাৰঃ আক্ৰাছুৱে অহা ১৫ মাৰ্চত ৰূপায়ন কৰিবলগীয়া ৰেল পথ অৱৰোধ কাৰ্যসূচীৰ দিন সলনি কৰা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে৷ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে ৰূপায়ন কৰিবলগীয়া ১৫ মাৰ্চৰ ৰেলপথ অৱৰোধ কাৰ্যসূচী দিন সলনি কৰে।

১৫ মাৰ্চৰ সলনি ৰেলপথ অৱৰোধ কাৰ্যসূচী ৩০ মাৰ্চত কোকৰাঝাৰ জিলাত ৰূপায়ন কৰা হ’ব। এক বিবৃতি যোগে এই কথা জানিবলৈ দিয়ে আক্ৰাছুৰ সহ সাধাৰণ সম্পাদক পুৰেণ ৰায়ে।

আক্ৰাছুৰ সহ সাধাৰণ সম্পাদক পুৰেণ ৰায়ে আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা বুলি কয়। তদুপৰি জি টিভিৰ ভয়ইচ ইণ্ডিয়া কিডচত বিজয়ীৰ খিতাপ লাভ কৰা মানসী চহৰীয়া আৰু নীলাঞ্জনা ৰায়, শ্ৰুতী গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আক্ৰাছুৱে।