লাফিকুল হত্যাকাণ্ড, আমছুৰ গৰিহণা

বিহালীঃ সংখ্যালঘু ছাত্ৰ নেতা তথা এ বি আমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদ্য অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে।

আমছুৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি আব্দুল কাদিৰ আৰু সাধাৰণ সম্পাদক আব্দুল বাৰেকে এক বিবৃতি যোগে লাফিকুল ইছলাম হত্যাকাণ্ডত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰপৰা শাস্তি বিহিবলৈ অসম চৰকাৰক দাবী জনায়৷