আমছুৰ বালিজান-কাৰেগাঁও আঞ্চলিক সমিতি গঠন

ডিজিটেল ডেক্স,ডিফুঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰবি আংলং জিলা সমিতিৰ বালিজান কাৰেগাঁওৰ ৩৩ জনীয়া আঞ্চলিক সমিতি খন যোৱা শনিবাৰে গঠন কৰা হয় ৷ শনিবাৰে বালিজানৰ মঞ্জিল হকৰ বাসভৱনত আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মজিদ খান আৰু সাধাৰণ সম্পাদক ফাৰুক সেইখৰ লগতে বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত  মাজিদ খানৰ পৌৰুহিত্যত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ছাহজামাল আলীক সভাপতি আৰু আনোৱাৰ হুছেইন লগতে ৰহিম উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ৩৩ জনীয়া শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয় বুলি আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খান আৰু সাধাৰণ সম্পাদক ফাৰুক সেইখে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷

ছাইদুল ইছলাম, ডিফু