
গুৱাহাটীঃ অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত কংগ্ৰেছ দলে বহু জল্পনা-কল্পনাৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈ সম্পূৰ্ণ নহল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷ যোৱা ১৭ মাহত বিজেপিয়ে কথা যেনেদৰে কয় তেনে দৰে কাম কৰা পৰিলক্ষিত হোৱাৰ নাই৷
কিয়নো এতিয়া ১ কোটি ২১ লাখ নথিৰ পৰীক্ষণ আজিও বাকী আছে৷ ফলত খচৰা প্ৰকাশৰ দিন সলনি কৰিব লগা হয়৷ ৩১ ডিচেম্বৰত খচৰা প্ৰকাশ কৰাৰ কথা আছিল যদিও ২০১৮ চনৰ ৩১ জুলাইত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে৷ এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দি আবেদন জনাইছিল৷ ইয়াৰে ১৭.৪০ লাখ হে অ’ৰিজিনেল ইন-হেবিটেন্ট হিচাপে গন্য কৰা হ’ব বুলি কৈছিল ন্যায়লয়ে৷ সৰ্বমুঠ ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দিছিল যদিও ২৯.৬৯ লাখ লোকৰ নাগৰিকত্বক সন্দেহ কৰা হয়৷ ইতিমধ্যে প্ৰকাশ পোৱা তথ্যত নাগৰিকত্বক সন্দেহ কৰা বেছি সংখ্যাকে মহিলা৷ নাগৰিকত্বক সন্দেহ কৰা ২৬.১৩ লাখ মহিলা তাকো বিবাহিত৷
২৯.৬৯ লাখ লোকৰ নাগৰিকত্বক সন্দেহ কৰাৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আমছু আৰু জমিয়ত উলেমাই আদালতৰ ওচৰ চাপে৷ ৰাজ্যিক জমিয়ত উলেমা আৰু আমছুৱে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৰ্লাপল্লে, অধিবক্তা ইজাজ মকবুল আৰু অধিবক্তা এ এচ তপাদাৰৰ জৰিয়তে এই সকল লোকক এনআৰচিত নাম পঞ্চায়তৰ নথিৰে অন্তৰ্ভুক্ত তথা খচৰাত নাম প্ৰকাশ বাবে আদালতৰ দ্বাৰস্থ হয়৷ কিন্তু তাৰ মাজতে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ধুবুৰী জিলাৰ শিমলতোলা বজাৰত এখন সভা অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে৷
কেইবা শতাধিক কংগ্ৰেছ-নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত দক্ষিন শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে সভাত উপস্থিত থাকি সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়ায় এনআৰচিক লৈ ৰাইজক হতাশ নহ’বলৈ আহ্বান জনায়৷ খচৰাৰ প্ৰথম পৰ্যায়ত বিধায়কগৰাকীৰ পত্নীৰ নামো এনআৰচিৰ তালিকাত পৰা বাদ পৰিব পাৰে বুলি কয়৷ কিয়নো বিধায়কগৰাকীৰ পত্নী অইন জিলাৰ বাসিন্দা৷ তেওৰ নামত দিয়া হৈছে পঞ্চায়তৰ নথি৷ বৰ্তমান উচ্চ ন্যায়লয়ত এই নথি মানিলোৱা নাই ইয়াৰ সিদ্ধান্ত ন্যায়লয়ে লব বুলি কৈ বহু মহিলা প্ৰথম পৰ্যায়ত এনআৰচিৰ তালিকাৰ পৰা বাদ পৰিলেও হতাশ হ’ব নালাগে বুলি কয়৷
ইমানলৈ ঠিকেই আছিল কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কংগ্ৰেছৰ বিধায়কগৰাকীয়ে অকপটে স্বীকাৰ কৰে NRCৰ গোচৰ চলোৱাৰ বাবে আমছু আৰু জমিয়তক কংগ্ৰেছে ধনৰ যোগাৰ ধৰে বুলি৷ অধিবক্তাৰ খৰছৰ লগতে সকলো খৰছ কংগ্ৰেছে বহন কৰা বুলি কয় শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে৷ ন্যায়লয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিৰ্ধাৰিত প্ৰ-পত্ৰৰ সৈতে পঞ্চায়তৰ নথি গাঠি দিয়া প্ৰায় ২৯.৬৯ লাখ লোকক এৰি ১৭.৪০ লাখ লোকৰ হে নাম এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ অনুমতি প্ৰদান কৰাৰ পিছতে ৰাজ্যৰ কেইবাখনো জিলাত বিষয়টোৱো ব্যাপক চৰ্চালৈ আহিছে৷
সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ একাংশ ঠাইৰ চ’ক-বজাৰত ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল৷ বিশেষকৈ ধুবুৰী, গোৱালপাৰা, হোজাই, নগাঁও জিলাৰ কিছু অংশ, মঙলদৈ জিলাৰ কিছু অংশ, কোকৰাঝাৰ জিলাৰ কিছু অংশত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছিল৷ জানিব পৰা মতে, এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দি আবেদন জনাইছিল৷ ইয়াৰে ১৭.৪০ লাখ হে অ’ৰিজিনেল ইন-হেবিটেন্ট হিচাপে গন্য কৰা হ’ব৷ ন্যায়লয়ে এনআৰচিত এইসকল লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ সন্মতি প্ৰদান কৰে৷
সৰ্বমুঠ ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দিছিল যদিও ২৯.৬৯ লাখ লোকৰ নাগৰিকত্বক সন্দেহ কৰা হয়৷ বৃহস্পতিবাৰে প্ৰকাশ পোৱা তথ্যত নাগৰিকত্বক সন্দেহ কৰা বেছি সংখ্যাকে মহিলা৷ ২৬.১৩ লাখ মহিলা তাকো বিবাহিত৷ নাগৰিকত্বক সন্দেহ কৰা অবিবাহিত মহিলাৰ সংখ্যা ১.২৪ লাখ আৰু পুৰুষ ২.৩২ লাখ৷ এই খবৰ এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে ৰাজ্যৰ কিছু কিছু অঞ্চলত৷ পঞ্চায়তৰ নথি-পত্ৰ বৈধতা সন্দৰ্ভত ন্যায়লয়ে পৰবৰ্তি ১৫ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব পাৰে বুলি জানিব পৰা গৈছে৷
ন্যায়লয়ে পঞ্চায়তৰ নথি সম্পৰ্কীয় গোচৰৰ প্ৰতিপক্ষ হ’ব খোজা প্ৰতিপক্ষৰ আবেদনো গ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰে৷ আনহাতে ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত অসম পাব্লিক ৱৰ্ক নামৰ সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ শুনানি অনুষ্ঠিত হয়৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নাৰিমনে শুকুৰবাৰে OI আৰু পঞ্চায়ত প্ৰমান পত্ৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব৷ বুধবাৰে অনুষ্ঠিত শুনানিত অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৰ্লাপল্লে, অধিবক্তা ইজাজ মকবুল আৰু অধিবক্তা এ এচ তপাদাৰ উপস্থিত আছিল৷
আদালতে NRC ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা NRCৰ কামৰ অগ্ৰগতি সম্পৰ্কে জানিব বিছৰাত ৩.২১ কোটিৰ আবেদনৰ ভিতৰত কেৱল দুই কোটিৰহে পৰীক্ষণ কৰা বুলি জনায়৷ ২.২১ কোটি নথি পত্ৰ এতিয়াও পৰীক্ষণ কৰিবলৈ বাকী আছে বুলি কয় হাজেলাই৷ ইয়াৰ পিছতে ক্ষোভ ব্যক্ত কৰে৷ NRCৰ কাম দ্ৰুত হোৱা নাই আৰু ১ কোটি ২১ লাখ লোকক এৰি NRCৰ খচৰা ৩১ ডিচেম্বৰত প্ৰকাশ কৰা অসম্ভৱ বুলি মন্তব্য কৰে আদালতে৷ তীব্ৰ অসন্তোষ ব্যক্ত কৰে বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে৷ আনহাতে শুনানিৰ পিছতে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি এখন শুদ্ধ এনআৰচি বিছাৰে বুলি কয়৷
জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে কোনো এজন বিদেশীৰ নাম মুক্ত আৰু কোনো এজন স্বদেশীৰ নাম বাদ নপৰাকৈ শুদ্ধ আৰু সঠিক NRC এখন প্ৰকাশ হোৱাটো জমিয়তে বিচাৰে বুলি কয়৷ তাৰ মাজতে যোৱা ১৩ নৱেম্বৰত দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷
দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সভাত অসমৰ কেইবাগৰাকী বুদ্ধীজীৱী-সাংবাদিকৰ উপস্থিতিত জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্ছাদ মাদানিয়ে উপস্থিত থাকি সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
ৰাজ্যৰ দল-সংগঠন প্ৰতিবাদ সাব্যস্ত কৰে৷ সভা খনত সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, সাংবাদিক হাইদৰ হুছেইন, কোকৰাঝাৰৰ সাসংদ নৱ শৰনীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, আব্দুল মান্নানকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত আছিল৷