আমছুৰ চিমলাই পথাৰ আঞ্চলিক সমিতি গঠন

মোৰাঝাৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ উনিয়নৰ হোজাই জিলাৰ চিমলাই পথাৰ আঞ্চলিক সমিতিৰ এখন সভা শুকুৰবাৰে অনুষ্ঠিত হৈ যায়৷ মোৰাঝাৰৰ চিমলাই পথাৰ তিনি আলিত অনুষ্ঠিত সভাত সংগঠনটোৰ চিমলাই পথাৰ আঞ্চলিক সমিতি গঠন কৰা হয়।

ফৰিজ উদ্দিনক সভাপতি আৰু আব্দুল কালাম, আজহাৰ উদ্দিন লস্কৰক সাধাৰণ সম্পাদক হিছাপে লৈ ৩১ জনীয়া সমিতি গঠন কৰা হয়। সভাত হোজাই জিলা আমছুৰ সভাপতি ফাহিম ইকবাল, সাধাৰন সম্পাদক ইয়াহিয়া আহমেদ আৰু মুখ্য সাংগঠনিক সম্পাদক মামুন ৰসিদকে ধৰি জিলা সমিতিৰ বহু সদস্য উপস্থিত থাকে।