বান সাহায্য, লখিমপুৰত আমছুৰ প্ৰতিবাদ

লালুক/লখিমপুৰঃ নীপকো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ অব্যাহত আছে৷ নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰা অতিৰিক্ত পানীয়ে জিলাখনৰ হেজাৰ হেজাৰ পৰিয়ালত গৃহহীন কৰিছিল৷ পলকতে উটুৱাই নিছিল ঘৰ-বাৰী৷ সমস্ত হেৰুৱাই জিলাখনৰ লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷

নীপকো তথা ৰাজ্য চৰকাৰে অসহায় লোকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে নীপকো আৰু এন এইচ পি চিৰ বিৰুদ্ধে আমছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত আৰু এন এইচ পি চি আৰু নীপকোৰ বিষয়া-কৰ্মচাৰীক শাস্তি প্ৰদানৰ দাবীত কেইবা শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

বৃহৎ নদী বান্ধ বন্ধ কৰক, এন এইচ পি চি গ’ বেক, নীপকোৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা লওক, বানত ক্ষতি গ্ৰস্তক সাহা্য প্ৰদান কৰক, বানত নিহত পৰিয়ালক এককালীন সাহা্য দিয়ক, বানত গৃহহাৰা হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, নীপকোৰ মইমতালি নচলিব আদি শ্ল’গানেৰে লখিমপুৰ নগৰ উত্তাল কৰে সংগঠনটোৱে৷ লখিমপুৰ জিলা আমছুৰ সভাপতি ৰাজু ৰহমান, সাধাৰণ সম্পাদক বদিউৰ ৰহমানে স্বাক্ষৰিত স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে সংগঠনটোৱে৷