এটি জনগোষ্ঠীক টাৰ্গেট কৰি মন্তব্য দিছে একাংশ লোকে, অপৰাধী অপৰাধীয়েই হিন্দু-মুছলমানৰ কথা নাহে

খাৰুপেটীয়াঃ ৰাজ্যত এটা জনগোষ্ঠীক টাৰ্গেট কৰি মন্তব্য প্ৰকাশ কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদে৷ newsnextone.comৰ সৈতে কথা পাতি এই মন্তব্য প্ৰকাশ কৰি আইনুদ্দিন আহমেদে৷

আহমেদে কয় ‘‘সাম্প্ৰতিক ৰাজ্য খনত এটি জনগোষ্ঠীক টাৰ্গেট কৰি ৰাজনৈতিক নেতাই বক্তব্য প্ৰকাশ কৰা দেখা গৈছে৷ ৰাজ্যখনত ধৰ্ষণ কাণ্ড বিশেষকৈ নগাঁৱৰ বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডৰ পিছতেই বিশেষকৈ বিধায়ক শিলাদিত্যই আবোল-তাবোল মন্তব্য কৰে৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিছো।’’

বিধায়ক হোৱাৰ পিছৰে পৰা মন্ত্ৰী পোৱাৰ আশা যেতিয়া নিৰ্বাপিত হ’ল, যেতিয়া মন্ত্ৰীত্ব নাপায় বুলি গম পালে তেতিয়াই তেও মানসিক ভাৱে আঘাত পালে৷ তেও এতিয়া মানসিক ভাবে বিকাৰগ্ৰস্ত৷ এতিয়া এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য দি গৈছে৷ সাম্প্ৰদায়িক মন্তব্য কৰি গৈছে৷ 

মুখ্যমন্ত্ৰীয়ে শিলাদিত্যক মেন্টেল হস্পিতালত ভৰ্তি কৰিব লাগে৷ অন্যথাই শংকৰ আজানৰ মিলন ভূমিত সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা আছে৷ তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওক চিকিৎসা কৰাওক৷

আনহাতে আইনুদ্দিন আহমেদে অপৰাধী অপৰাধীয়েই বুলি কয়৷ ইয়াত হিন্দু মুছলমানৰ কোনো কথা নাহে৷ অপৰাধীক কঠোৰ শাস্তি দিব লাগে৷ এয়া আমছু আৰু ৰাজ্যবাসীৰ ডিমাণ্ড বিভিন্ন দল সংগঠনৰ ডিমাণ্ড৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে৷ 

উপযুক্ত তথ্য প্ৰমাণ পালে ধৰ্ষণকাৰীক ফাঁচী দিব লাগে বুলি কয় আহমেদে৷ ধৰ্ষণ কাৰ্য আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো৷ নাৰী সমাজ যেতিয়ালৈ উন্নতি পথলৈ নাহে তেতিয়ালৈ সমাজৰ কেতিয়াও উন্নয়ন নহয়৷ নাৰীক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি সকলোৱে সজাগ হ’ব লাগে৷ নাৰীক সুৰক্ষিত কৰিবলৈ সকলোৱে সজাগ, সবল ভূমিকা পালন কৰিব লাগ আৰু প্ৰতিবাদ সাব্যস্ত কৰিব লাগে বুলি কয় আইনুদ্দিনে৷