বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই খাৰুপেটীবাসীক মোহিত কৰিলে আমছুৱে

খাৰুপেটীয়াঃ সোমবাৰে পুৱাই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই খাৰুপেটীবাসীক মোহিত কৰে আমছুৱে৷ ৰাজ্যৰ খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি পৰম্পৰাগত নৃত্যৰ দল, সাংস্কৃতিক দলে বৰ অসমৰ ঐক্য-সংহতিৰ এনাজৰী সদায় কটকটীয়া হৈ থাকিব তাৰেই বাৰ্তা দিয়ে অসমক৷ 

দৰং জিলাৰ খাৰুপেটীয়াত ৩১ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আমছুৰ ১৪তম অধিবেশন আৰু ৩৮ তম প্রতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে অন্তিম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি, দৰঙৰ খাৰুপেটীয়া বি এম হামিদুৰ ৰহমান সমন্বয় ক্ষেত্ৰত পৰা খাৰুপেটীয়া নগৰৰ মাজেৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা।শোভাযাত্ৰা উদ্বোধন কৰে আমছুৰ সভাপতি আজিজুৰ ৰহমানে। বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীত-মাত তথা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰা শোভাযাত্ৰাই মুগ্ধ কৰে খাৰুপেটীয়াবাসীক৷

বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্যৰ লগতে গ্ৰাম্য জীৱনৰ কলা-কৃষ্টি সমূহ আছিল শোভাযাত্ৰাৰ আকৰ্ষণ। বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্য আৰু দৰঙীয়া কলা কৃষ্টিসমৃদ্ধ শোভাযাত্ৰাই অসমলৈ সমন্বয় বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা কৰে আমছুৰ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে। 

শোভাযাত্ৰাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, আমছুৰ প্ৰাক্তন বহু নেতা-কৰ্মীৰ লগতে শোভাযাত্ৰাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। শোভাযাত্ৰাৰ অন্তত বিশিষ্ট সাংবাদিক জমছেৰ আলীৰ সঞ্চালনাত ১ বজাত অনুষ্ঠিত হয় নব প্ৰজন্মৰ উদীয়মান বুদ্ধিজীৱি সন্মিলন। 

সন্মিলনৰ আলোচ্য বিষয় আছিল সাম্প্ৰতিক পৰিস্থিতিত অসমৰ সংখ্যালঘু সকলৰ উত্তৰণৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত প্ৰচলিত কু সংস্কাৰ প্ৰতিৰোধত আমছুৰ ভুমিকা-কৰণীয়। ৪ বজাত ন পুৰণি সতীৰ্থ বিশিষ্ট নাগৰিক আৰ শিক্ষাবিদ সকলক সম্বৰ্ধনা জনোৱা হয়।