চাকৰিয়াল সাংবাদিক, শিক্ষামন্ত্ৰী হিমন্তৰ ঘোষণাক আদৰণি ‘আপকু’ৰ

গুৱাহাটীঃ চৰকাৰী চাকৰি কৰি দৰমহা লৈ থকাৰ সমানে সমানে সাংবাদিকতা কৰি থকা লোকসকলক লৈ আকৌ এবাৰ সৰৱ হৈছে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ কংগ্ৰেছৰ থকা কালত সৰৱ হৈ বৰ বৰ কথা কোৱা মন্ত্ৰীগৰাকীয়ে পিছত সকলো পাহৰি গৈছেল৷

এইবাৰ বিজেপি চৰকাৰৰ দিনৰ মন্ত্ৰী হৈ পুনৰ সৰৱ হৈ পৰিছে সাংবাদিকতাৰ লগতে চাকৰি থকা লোকসকলৰ বিৰুদ্ধে৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে সাংবাদিকতা বৃত্তিত জড়িত হ’ব নোৱাৰে বুলি কয়৷ ৰাজ্যখনৰ একাংশ চৰকাৰি কৰ্মচাৰীয়ে আজিও চৰকাৰী নীতি-নিয়ম উলংঘা কৰি বেআইনীভাৱে সাংবাদিকতা বৃত্তিত জড়িত হৈ আছে৷

এইসকল কৰ্মচাৰীয়ে সাংবাদিকতা বৃত্তিত জড়িত হৈ নিজ কৰ্তব্যত ফাকি দিয়াৰ লগতে সাংবাদিকতা ক্ষেত্ৰতো নিষ্ঠাৰে দায়িত্ব পালন কৰিব পৰা নাই বুলি কৈছিল হিমন্তই৷ যাৰ ফলত দুয়ো ক্ষেত্ৰতে নানান সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷

শিক্ষামন্ত্ৰীৰ এনে ঘোষণাত সাংবাদিকসকলৰ অন্যতম শক্তিশালী ট্ৰেড ইউনিয়ন আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শিক্ষামন্ত্ৰীৰ ঘোষণাক আদৰণি জনায়৷ আপকুৱে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অসম চৰকাৰৰ মুখ্য সচিবক দাবী জনাইছে৷