
newsnextone.com | বোকাজানঃ আছুৱে তেওঁৰ নাম দিছে ফেচবুক বিধায়ক৷ তেওঁ হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ছচিয়েল মিডিয়াত ব্যস্ত বিধায়ক৷ তেওঁ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিধায়ক যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং কৰি কথা পাতিছিল৷
নাম তেওঁৰ ডাঃ নোমল মমিন৷ বুধবাৰে এইগৰাকী ফেচবুক বিধায়কৰ প্ৰতিকৃতি দাহ কৰে আছুৱে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ মাতমতাৰ নৈতিক অধিকাৰ নাই বুলি ফেচবুকত মন্তব্য প্ৰকাশ কৰি নিজ সমষ্টিতে আছুৰ ৰোষত পৰিছে বোকাজানৰ বিধায়কগৰাকী৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপ-প্ৰচাৰ চলোৱা হৈছে নে? বিধেয়কখনৰ বিৰোধিতা কৰাৰ আছুৰ নৈতিক অধিকাৰ নাই৷ ১৯৮৫ চনত ত্ৰিপাক্ষিক বৈঠকৰে স্বাক্ষৰিত অসম চুক্তিত তেওঁলোকে এই বিধেয়কখনৰ বিষয়ে কিবা উল্লেখ কৰিছিল নে? চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত তেওঁলোক মৌন হৈ আছিল আৰু এতিয়া তেওঁলোকৰ ভূল ঢাকিবলৈ কেৱল মাত্ৰ চিঞৰ বাখৰ কৰিছে বুলি বিধায়ক ডাঃ নোমল ম'মিনে মঙলবাৰে ফেচবুকত আছুৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছিল৷ তাৰ পিছতে ক্ষোভিত হৈ পৰিছে আছু৷
বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত আছুৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা বিধায়কগৰাকীৰ পুত্তলিকা মটৰচাইকেলেৰে চোঁচোৰাই আনি জোতা, ছেণ্ডেল, বটলৰ মালা পিন্ধাই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত পুত্তলিকা দাহ কৰ৷ নোমল ম'মিন হায় হায়, নোমল ম'মিনৰ কাম নাই, নোমল ম'মিন হুচিয়াৰ, বিজেপি গ’ বেক, ফেচবুক এমএলএ মুৰ্দাবাদ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷
কাৰ্যসূচীত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাই আগন্তুক দিনত আছুক শিক্ষা দিয়াৰ পৰিৱৰ্তে সমষ্টিটোৰ উন্নয়নৰ দিশত অধিক মনোযোগ দিবৰ বাবে সকিয়নী দিয়াৰ লগতে পুনৰ এনে মন্তব্য কৰিলে যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে বিধায়কগৰাকীক সাজু থাকিবলৈ সকীয়াই দিয়ে ছাত্ৰ সন্থাই৷