ফেচবুক পেজৰ বিৰুদ্ধে ওদালগুৰি আছুৰ এজাহাৰ

ওদালগুৰিঃ ৰাজ্যত ফেচবুকক লৈ সঘনাই বিতৰ্ক হৈ থকাৰ সময়তে এইবাৰ এটি ফেচবুক পেজৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাই। 

ফেচবুকৰ ৰিয়েল ভইচ অৱ ওদালগুৰি নামৰ এটা ফেচবুক পেজত অচিনাক্ত ব্যৱহাৰকাৰীয়ে বিগত ২৪ মাৰ্চত আছুৰ নাম লৈ কিছুমান বিতৰ্কমূলক মন্তব্য পোষ্ট কৰিছিল। 

এই কথা পোহৰলৈ অহাৰ পাছত বৃহস্পতিবাৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু চাইফুল হক স্বাক্ষৰিত এখন এজাহাৰ ওদালগুৰি আৰক্ষী থানাত দাখিল কৰে। এজাহাৰখনৰ জৰিয়তে উপযুক্ত দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদানৰ দাবী জনায়।