গোগামুখ ছাত্ৰ সন্থাৰ বিশেষ সভা

গোগামুখঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত গোগামুখ আঞ্চলিক সমিতিৰ এখন বিশেষ সভা সোমবাৰে অনুষ্ঠিত হৈ যায়৷ সভাত অঞ্চলটোৰ যুৱ-ছাত্ৰ উপস্থিত থাকি অঞ্চলটোৰ সমস্যা সমূহ সমাধানৰ তথা চৰকাৰৰ সন্মুখত দাঙি ধৰিবলৈ আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে৷

সভাত ৰাজু লাহনক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয়। সভাত উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ ৰঞ্জন চুতিয়াই।