কলিয়াবৰত আছুৰ শ্বহীদ দিৱস, অনুষ্ঠিত হৈ গ’ল মাৰাথান দৌৰ

কলিয়াবৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ কলিয়াবৰ সমিতিয়ে ৯ নৱেম্বৰত শ্বহীদ দিৱস পালন কৰিব৷ শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত্যুৰ দিনটো প্ৰতিবছৰে কলিয়াবৰ ছাত্ৰ সন্থাই শ্বহীদ দিৱস  হিচাপে পালন কৰি আহিছে৷ এইবেলি বুধবাৰে আৰু বৃস্পতিবাৰে দুদিনিয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আছুই। শ্বহীদ দিৱস উপলক্ষে বুধবাৰে ২৯ তম কলিয়াভোমোৰা মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

কলিয়াবৰৰ কুঁৱৰীটোলৰ পৰা শুভাৰম্ভ কৰা মাৰাথান দৌৰত উপস্থিত থাকে কলিয়াবৰ মহকুমাধিপতি পংকজ চক্ৰৱতী লগতে ছাত্ৰ সন্থাৰ ৰাজ্যিক উপ-সভাপতি মনি মাধৱ মহন্ত। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিতাত মাৰাথান দৌৰচ অংশগ্ৰহণ কৰে।

কুঁৱৰীটোলৰ পৰা ৩ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে কলিয়াবৰ তিনি আলি-নলতলি, চুলুং নলতলি শীলঘাট হস্পিতাল চাৰি আলি হৈ পুনৰ ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথৰে কুঁৱৰীটোলৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰায় ৪৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি মাৰাথান দৌৰ সামৰণি পৰে৷ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে মাৰ্ঘেৰিটাৰ সঞ্জয় ভূমিজে৷ দ্বিতীয় স্থান ডিকবৈৰ মনচিঙে তৃতীয় স্থান গুৱাহাটীৰ চাৰিদুল ইছলামে। এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে অহা তেজপুৰৰ সপ্তম মান শ্ৰেণীৰ এজন ছাত্ৰ অবিনাশ হাজৰিকাই৷ কিশোৰ জনে প্ৰথম দহটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হয়।