ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত আমগুৰিত আছুৰ উত্তাল প্ৰতিবাদ

আমগুৰিঃ শিৱসাগৰ জিলাৰ জাঁজীত মঙলবাৰে ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিৱসাগৰ জিলাৰ বিধ্বস্ত উপ-পথসমূহ শীঘ্ৰে মেৰামতিৰ কৰাৰ দাবী জনাই সংগঠনটোৱে৷

অসম আৰক্ষী মূৰ্দাবাদ, চৰকাৰ মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অৱৰোধ কাৰ্যসুচীক জিলা প্ৰশাসনে অবৈধ ঘোষণা কৰে৷ বিজেপি চৰকাৰ গ' বেক, পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে চৌদিশ উত্তাল কৰি তোলে।

শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত বিধ্বস্তপ্ৰায় ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুৰাৱস্থাৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ শিৱসাগৰ জিলাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিঃ মিঃ অংশ নিৰ্মাণৰ নিবিদা লাভ কৰা প্ৰতিষ্ঠান NHIDCL-ক ইতিমধ্যে অযোগ্য ঘোষণা কৰাৰ পিছতো আন কোনো প্ৰতিষ্ঠানক এইপৰ্যন্ত কামৰ দায়িত্ব অৰ্পণ কৰা নাই।