
ধনশিৰিঃ অসম নাগালেণ্ড সীমান্তক থিতাপি লৈছে অবৈধ নাগৰিকে৷ হঠাৎ বসতি কৰিব ধৰা নাগা লোকসকল কাৰ নিৰ্দেশত ঘৰ-দুৱাৰ সাজি থাকিবলৈ লৈছে কোনেও অৱগত নহয়৷ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ বি-চেক্টৰৰ ৰতনপুৰ, চেইনপুৰ, চেতীয়া গাঁৱত শেহতীয়াকৈ নগালোকে সন্দেহ যুক্ত নাগৰিকক গৃহ নিৰ্মাণ কৰি থাকিবলৈ ধৰা কাৰ্যক সহজভাৱে লোৱা নাই আছুৱে৷
সন্দেহযুক্ত নাগৰিক সকলক উচ্ছেদ কৰাৰ দাবীত আজি সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ সাধাৰন সম্পাদক সুভাষ শইকীয়াৰ নেতৃত্বত ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যলয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
কেমপুৰ, জাহাজী বস্তি, শুকানজান আদিকে ধৰি কেইবাখনো গাঁৱত নগাৰ পৃষ্ঠপোষকতাত অবৈধ ভাবে সন্দেহযুক্ত বাংলাদেশী নাগৰিকক ঘৰ সাজি সংস্থাপিত কৰা বুলি সংগঠনটোৱে উল্লেখ কৰে। সীমান্তৰ এই বিবাদ মান অঞ্চল সমুহত বিগত ২০১৪ বষৰ্ত নগা দূৰ্বৃত্তই সীমান্তৰ ফিলচন কুজুৰ আৰু অজয় গড়ক অপহৰন কৰা, সীমন্তবাসীৰ ঘৰসমূহ জ্বলাই বহু ব্যক্তিক হত্যা কৰাৰ কথা উনুকিয়াই আছুৱে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
২০১৪ বৰ্ষত এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে উক্ত স্থানত উপস্থিত হৈ সীমান্তবাসীৰ জীৱন-সম্পতি নিৰাপত্তা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি কৈ সংগঠনটোৱে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসন ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।