বিলাতী মাটি কাৰখানাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

বোকাজানঃ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই কাৰ্বি পাহাৰৰ বোকাজানত প্ৰতিবাদ সাব্যস্ত কৰে৷ বোকাজানৰ বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ বোকাজান আঞ্চলিক সমিতিয়ে কাৰখানাৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্সূচী ৰাপায়ণ কৰে৷ কাৰখানাৰ ১২০০ মেট্ৰিকটন চিমেণ্ট উৎপাদনৰ দ্বিতীয় সম্প্ৰসাৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা, কাৰখানাৰ পৰা নিৰ্গত ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, ১০০% থলুৱা নিযুক্তি দিয়াৰ দাবীত ছাত্ৰ সন্থাই কেইবশতাধিক সদস্যৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে৷

আছু জিন্দাবাদ, বোকাজান বিলাতী মাটি কাৰখানাৰ চিএমডি গ'বেক, কাৰখানা কৰ্তৃপক্ষ মুৰ্দাবাদ, ধূলি প্ৰদুষণ নিয়ন্ত্ৰণ কৰক, অতি শীঘ্ৰে কাৰখানাৰ সম্প্ৰসাৰণৰ কাম সমাপ্ত কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা উপস্থিত থকাৰ লগতে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি লক্ষীন্দৰ মহন্ত, সাধাৰণ সম্পাদক হিমাংশু দাসৰ উপৰি বোকাজান বিলাতী মাটি কাৰখানাৰ প্ৰাক্তন কৰ্মচাৰী, চন্দ্ৰপুৰ মহিলা সমিতিৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ ৰাজহুৱাখণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজানস্থিত বিলাতী মাটি কৰাখানাৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ লগতে বৃহত্তৰ অঞ্চলত কাৰখানাটোৱে সৃষ্টি কৰা ব্যাপক প্ৰদূষণৰ সমস্যা সমূহ সমাধানাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷