পিতা-পুত্ৰক গুলীয়াই হত্যা, ডিৰাক সোণজানত আছুৰ উত্তাল প্ৰতিবাদ

তিনিচুকীয়াঃ পিতা-পুত্ৰৰ হত্যাকাৰীক আটক কৰাৰ দাবীত তিনিচুকীয়া জিলাৰ ডিৰাকত আছুৰ উত্তাল প্ৰতিবাদ৷ ডিৰাক সোণজানত সদৌ অসম মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তৰ হত্যাৰ প্ৰতিবাদ জনাই শীঘ্ৰে হত্যাকাৰীক আট কৰাৰ দাবী জনায়৷

সংগঠনৰ দুয়োটাই চৰকাৰ বিৰোধি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি চৰকাৰে মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ শীঘ্ৰে হত্যাকাৰীক আটক নকৰিলে সংগঠন দুটাই বহি নথকাৰ হুংকাৰ প্ৰদান কৰে৷ মাথো এমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কৰুণ মহন্তই কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱাৰ পিছতে সোমবাৰে নিশা সন্দেহজনক আলফাই নিজ ঘৰতে পিতৃ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰে৷

আলফা স্বাধীনৰ গুলীত নিহত অন্তেশ্বৰ মহন্তই আলফাৰ গুপ্তধন হৰলুকী কৰাৰ ফলতে গুলীয়াই হত্যা কৰা বুলি চৰ্চা হৈ আহিছে যদিও আলফা কিম্বা প্ৰশাসনে এই ক্ষেত্ৰত স্পষ্ট কৰা নাই৷ নিহত মহন্তৰ ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ ইপিনে কোনো অবাঞ্চিত ঘটনাৰ আশংকা কৰি অৰুণাচল প্ৰদেশৰ পৰা তিনিচুকীয়া অভিমূখে অহা সকলো যান-বাহনৰ চলাচাল অসম-অৰুণাচল সীমান্তৱৰ্তী ডিৰাক গেটত পুৱাৰে পৰা আৱদ্ধ হৈ আছে৷

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁৱত আলফাই ভয়াৱহ আক্ৰমণ সংঘটিত কৰে সোমবাৰে নিশা৷ পিতা-পুত্ৰক লক্ষ্য কৰি আলফা স্বাধীনে গুলীচালনা কৰাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আলফাৰ গুলী পিতা-পুত্ৰৰ দেহত লগা পিতৃৰ অন্তেশ্বৰ মহনাতৰ থিতাতে মৃত্যু হয় যদিও পুত্ৰ কৰুণ মহন্তৰ চিকিৎসালয়ত মৃত্যু হয়৷

পিতৃ অন্তেশ্বৰ মহন্ত আৰু পুত্ৰ কৰুণ মহন্তক আলফা স্বাধীনৰ সেনাৰ পোছাকত অহা প্ৰায় তিনিজনীয়া দল এটাই নিজ বাসগৃহতে গুলীয়াই উধাও হয়৷ অন্তেশ্বৰ মহন্ত গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু কৰুণ মহন্ত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল।

 শৰীৰত কেইবাজাঁই গুলী লগা অন্তেশ্বৰ মহন্ত ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে কৰুণ মহন্তই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱটি লয়৷ অদ্যপি গুলীচালনাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিব পৰা নাই৷