
newsnextoneতেজপুৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যখনৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। তেজপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই তেজপুৰ চহৰৰ মাজমজিয়াইদি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত উপস্হিত হয় প্ৰতিবাদকাৰীসকল।
সদৌ অসম ছাত্ৰ সন্থা জিন্দবাদ,মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে তেজপুৰ চহৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। প্ৰতিবাদীসকলে সমদলৰ অন্তত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সাধাৰন সম্পাদক নিতুল বৰাৰ স্বাক্ষৰীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
তেজপুৰৰ পৰা মনিমালা বৰা,৪অক্টোবৰ