
newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ পিতৃহীন এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ মৃতদেহ ৰেল ডবাৰ টয়লেটত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিৱসাগৰ জিলাত৷ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ৰাধা কুমাৰী নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ ডিব্ৰুগড় ৰঙিয়া-কামাখ্যা এক্সপ্ৰেছৰ টয়লেটত উদ্ধাৰ হয়৷
যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে আকৌ এবাৰ উজনিৰ ৰেল যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অসমৰ যাত্ৰী যে ৰেলত মুঠেই সুৰক্ষিত নহয় তাকেই প্ৰমাণ কৰিছে এই ঘটনাই৷
শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰেল ষ্টেচনত ৰেলখনৰ টয়লেটত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ৷ শিমলুগুৰি জংচনত শিমলুগুৰি ৰেল আৰক্ষীয়ে ৰেলখনৰ টয়লেটৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰাৰ সন্দেহ কৰে ৰেল আৰক্ষীয়ে৷
জানিৰ পৰা মতে, মঙলবাৰে পুৱা ৮ বজাত শিৱসাগৰ ৰেল ষ্টেচনৰ পৰা ফৰকাটিং ষ্টেচনলৈ আহিবলৈ যুৱতীগৰাকীয়ে ৰেল খনত উঠিছিল অকলশৰে৷ মাথো ১৭-২০ মিনিটৰ ঠাই অতিক্ৰম কৰিবৰ বাবে ৰেলত উঠাৰ কিছু সময় পিছতে শিমলুগুৰি ৰেল ষ্টেচনত যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়৷ এনেদৰে নামনিমুৱা কামাখ্যা এক্সপ্ৰেছত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কোনেও সহজেই লব খোজা নাই৷
কোনো দুৰ্বৃত্তই ৰেলৰ ডবাৰ টয়লেটত ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ শিৱসাগৰ ষ্টেচনৰ পৰা শিমলুগুৰি ৰেল জংচন পাবলৈ সময় লাগে মাত্ৰ ১৭-২০ মিনিট৷ ইমান কম সময়ৰ ভিতৰতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰেলৰ সুৰক্ষা ব্যৱস্থাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে আকৌ এবাৰ৷ গ্ৰীষ্ম বন্ধৰ বাবে যুৱতীগৰাকীয়ে শিৱসাগৰ ঘৰৰ পৰা মঙলবাৰে পুৱা গোলাঘাটৰ আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি মৃত্যুক আকোৱালি লয়৷