
দেৰগাঁওঃ গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত শিক্ষা সংস্কৃতি উন্নয়ন সমিতিৰ সহযোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ অন্তিম দিনটোত পুৱাৰে পৰা অগণন সাহিত্য প্ৰেমীৰ সমাগম ঘটা দেখা যায়৷ দেৰগাঁৱৰ নাহৰণিত শনিবাৰৰ পৰা অনুষ্ঠিত জন্ম শতবৰ্ষৰ অনুষ্ঠানত সাহিত্যগৰাকীৰ ওপজা ঠাই নাহৰণি মাজগাঁৱত পুৱা ১০ বজাত গোলাঘাট জিলা আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ে মুকলি কৰে সাংস্কৃতিক শোভাযাত্ৰা৷
শোভাযাত্ৰাত জিলিকি উঠে অসমৰ সাতামপুৰুষীয়া বিভিন্ন, জাতি-জনগোষ্ঠীৰ, কৃষ্টি-সংস্কৃতি৷ শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতী, পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজোতি বৰা, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, কলিয়াবৰ লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈ, গোলাঘাট জিলা ছাত্র সন্থাৰ অভিৱত্তন গোস্বামী, অসম জাতীয়তাবাদী যু্ৱ-ছাত্র পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি আব্দুল হাছিম, মদ মুক্ত অসম দাবী সমিতিৰ সভাপতি পবিন দাসে৷
ইয়াৰ পিছতে ১ বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰী, সমাজকৰ্মী উপাসনা গগৈৰ লগতে বহু গণ্য-মান্য লোক৷ সভাত দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল দত্ত উপস্থিত থাকি স্মৃতি গ্ৰন্থ উম্মোচন কৰে৷ আদৰণি সমিতিৰ বিষয়-ববীয়াই জনোৱা মতে, গ্ৰামফকীৰ আৰু চফিউৰ ৰহমান সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব প্ৰবিত্র প্ৰাণ বৰাই৷