অভিনেতা আব্দুল মুজিদৰ মৃত্যুত নামতিতো শোক

নামতিঃ অসমীয়া বোলছবি জগতৰ মহীৰূহ, বলিষ্ঠ অভিনেতা, যশস্বী পৰিচালক আব্দুল মজিদৰ আজি পুৱাই মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র ৰাজ্যৰ লগতে বৃহত্তৰ নামতি অঞ্চলটো গভীৰ শোকৰ ছাঁ পৰিছে।

অঞ্চলটোৰ নামতি প্রেছ গীল্ড, নামতি আঞ্চলিক ছাত্র সন্থা, বৰ অসম প্রজা পৰিষদ, নামতি আঞ্চলিক সংখ্যালঘু ছাত্র ইউনিয়ন, টাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আৰু দিকচু আঞ্চলিক সমিতি, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, নামতি ছহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি চাৰি আলি জাতীয় বিদ্যা নিকেতন, নিলাক্ষী মেমৰিয়েল একাডেমী, লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে।