
অভয়াপুৰীঃ বিজেপি দল শাসনলৈ অহাৰ পিছৰে পৰা দলটোৰ নেতা-কৰ্মীৰ মাজতেই আৰম্ভ হৈছে খোৱা-কামোৰাৰ ৰাজনীতি৷ সেয়া ৰঙিয়া পৌৰ সভাই হওক, ঢেকীয়াজুলি নতুবা অভয়াপুৰী নগৰ সমিতিয়ে হওক৷ একাংশ নেতাই এতিয়া ক্ষমতাৰ বাবে নিজ দলৰেই নেতা-কৰ্মীৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে৷
দিছপুৰৰ পৰা গাঁও পঞ্চায়তলৈ এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ পিছত দৌৰিছে একাংশ লোক৷ কেৱল নিজৰ হাতত ক্ষমতা ধৰি ৰখাৰ প্ৰতিযোগিততা নামি পৰিছে এতিয়া একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতা৷ কেৱল ক্ষমতা আহৰণৰ বাবে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি ব্যক্তিগত স্বাৰ্থক প্ৰাধন্য দি নিৰ্লজ্জ ভাৱে এতিয়া ক্ষমতাৰ খকত বলিয়া হৈ পৰিছে৷
দৰিদ্ৰ, খাতিখোৱা, শ্ৰমিকৰ কথা চিন্তা কৰাৰ আহৰি নাথাকে তেনে লোকসকলৰ৷ নামনি অসমৰ ঐতিহ্যমণ্ডিত তথা ৰাজনৈতিক ভাৱে সচেলন লোকৰ ঠাই বুলি নাম থকা বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰ সমিতিতো এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিয়ে ধুৱলি-কুৱলী পৰিৱেশৰ সৃষ্টি কৰিছে৷
যোৱা প্ৰায় ৬ মাহ ধৰি ৰাইজৰ স্বাৰ্থৰ বিপৰীতে চকীৰ স্বাৰ্থত খোৱা-কামোৰা কৰি আহিছে৷ অভয়াপুৰী নগৰ সমিতি খনত যোৱা কেইবাটাও মাহ ধৰি খোৱা-কামোৰা, অভিযোগ-প্ৰতিভিযোগত স্তব্ধ হৈ পৰিছে নগৰখনৰ উন্নয়ন সকলো কাম।
বিজেপি নেতৃত্বাধীন অভয়াপুৰী নগৰ সমিতিৰ উন্নয়ন মূলক কাম-কাজ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপ হৈ অহাৰ মাজতে সমিতি খনৰ চাৰিজন সদস্যৰ তিনিজন সদস্যই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পিছতেই পুনৰ অচলা অৱস্থা হৈ পৰিছিল সমিতি খনত৷ নগৰ সমিতি খনৰ সভানেত্ৰী বিমলা দাসৰ বিৰুদ্ধে নিজ দলৰেই প্ৰবীন দাস, সুশান্ত পোদ্দাৰ আৰু ৰীতা দাসে অনা অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি সদস্যসকলক বিশ্বাসত নলৈ নিজ ইচ্ছামতে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
সভানেত্ৰীগৰাকীয়ে নগৰ সমিতি খনৰ মাহিলি সভা অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰে৷ মাহিলি সভা অনুষ্ঠিত নকৰাৰ বাবে উন্নয়নমূলক কাৰ্যৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা নাই বুলি উল্লেখ কৰি অনাস্থা পত্ৰ দাখিল কৰে৷ সভানেত্ৰীগৰাকীৰ এনে কাৰ্যৰ ফলত নগৰখনৰ উন্নয়ন স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি সদস্যকেইজনে নগৰবাসীৰ স্বাৰ্থত আৰু মতামতৰ ভিত্তিত এনে কঠোৰ সিদ্ধান্ত লব লগা হোৱা বুলি ব্যক্ত কৰিছিল।
অভয়াপুৰী নগৰ সমিতিত ক্ষমতাৰ যুজ খন আজিও অব্যাহত আছে৷ বিমলা দাসক অপসাৰণ কৰিব বিছাৰিছিল যদিও উচ্চ ন্যায়ালয়ে ইতিমধ্যে স্থগিতাদেশ জাৰি কৰিছে৷ আনহাতে আন আন সদস্যসকলে সংঘটিত কৰা দুৰ্নীতিত সংগ নিদিয়াৰ বাবে অনাস্থা অনাৰ অভিযোগ উত্থাপন কৰে সভানেত্ৰী বিমলা দাস৷ ক্ষমতাক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰ সমিতিৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ অৰিয়া অৰি তুংগত উঠিছে।
নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত দীৰ্ঘ দিনৰে পৰা চলি থকা লেতেৰা খেল খনৰ বাবে নগৰ খনৰ উন্নয়ন স্থবিৰ হৈ পৰিছে৷ বিজেপি দলৰে নেতাই নিজ দলৰ মাজতেই খোৱা কামোৰা আতৰাই জনসাধাৰণৰ উন্নয়নত ব্ৰতী হোৱাৰ পৰিৱৰ্তে ওৱাৰ্ড কমিচনাৰসকলে পৰস্পৰে বোকা চটিওৱাত হে ব্যস্ত থকা পৰিলক্ষিত হৈছে।
বি জে পি নেতৃত্বাধীন নগৰ সমিতি খনৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন যোৱা ৬ ফেব্ৰুৱাৰীত নিজ দলৰেই সভানেত্ৰী বিমলা দাসৰ বিৰুদ্ধে নগৰ উন্নয়নত ব্যৰ্থ হোৱা আৰু স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰাৰ অভিযোগ তুলি অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত যোৱা ৩ মাৰ্চত সভানেত্ৰীৰ অনুপস্থিতিত সভা অনুষ্ঠিত কৰিছিল। উক্ত সভাতেই সদস্য কেইজনে সভানেত্ৰী বিমলা দাসক অপসাৰণ কৰি ৰীতা দাসক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল।
সভাৰ প্ৰস্তাৱৰ প্ৰতিলিপি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰলৈ প্ৰেৰণ কৰাৰ সময়তে সভানেত্ৰী বিমলা দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে। বিমলা দাসৰ গোচৰ ভিত্তিত ন্যায়ালয়ে ৩ মাৰ্চৰ সভাখন অগ্ৰাহ্য কৰি অহা ২৯ মাৰ্চত নতুনকৈ সভা আহ্বান কৰাৰ বাবে নিৰ্দেশ দিয়ে। ইপিনে ব্যৰ্থতা আৰু স্বেচ্ছাচাৰিতাৰ অভিযোগ অনা নিজ দলৰেই তিনি সদস্যৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সভানেত্ৰী বিমলা দাস।
সদস্য কেইজন বিশেষকৈ সুশান্ত পোদ্দাৰ, প্ৰবীন দাসৰ দুৰ্নীতিত সহযোগ নকৰাৰ বাবেই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা বুলি বিমলা দাসে অভিযোগ কৰে। বিমলা দাসে প্ৰকাশ কৰা মতে সদস্যদুজনে নগৰ সমিতিত কোনো ধৰণৰ প্ৰস্তাৱ অবিহনে অভয়াপুৰী বজাৰত ১৯টা কৈ কোঠালি নিৰ্মাণ কৰি ব্যৱসায়ীক আৱণ্টন দিয়া বুলি অভিযোগ উত্থাপন কৰে।
সদস্য দুজনৰ এনে কাৰ্যৰ ফলত নগৰ সমিতিয়ে বৃহৎ ৰাজহ হেৰুৱাব লগা হোৱা বুলি উল্লেখ কৰি সভানেত্ৰী বিমলা দাসে এই কোঠালী কেইটাৰ কোনো তথ্যই নগৰ সমিতিত নথকা বুলিও সভানেত্ৰীয়ে অভিযোগ কৰে।
অভয়াপুৰীৰ শিশু উদ্যানত পূৰ্বৰ নগৰ সমিতিয়ে নীতিবৰ্হিভূতভাবে নিৰ্মাণ কৰা ১২টা কোঠালী আৱন্টনৰ ক্ষেত্ৰত হোৱা অনিয়ম সন্দৰ্ভত বিমলা দাস নেতৃত্বাধীন সমিতি খনে উচ্চ ন্যায়ালয়ত তৰা গোচৰৰ সকলো নথি-পত্ৰ উপ-সভাপতি সুশান্ত পোদ্দাৰে নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা লৈ গৈ জমা নিদিয়া বুলিও সভানেত্ৰী বিমলা দাসে অভিযোগ উত্থাপন কৰে৷