
ৰঙিয়াঃ যৌথ মঞ্চই আহ্বান জনোৱা বিটিএডি বন্ধৰ সময়ছোৱাত কোকৰাঝাৰৰ চৰাইকোলাত বন্ধ সমৰ্থককাৰীসকলে এখন অটোত অগ্নি সংযোগ কৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় বঙাইগাঁও অভয়াপুৰীৰ ছফিহুৰ ৰহমান এজন যুৱক৷ চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ মটৰচাইকেলত বন্ধ সমৰ্থনকাৰীয়ে অগ্নি সংযোগ কৰাত মটৰচাইকেলখন ভষ্মীভূত হয়। জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷
বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ কোকৰাঝাৰৰ বিভিন্ন স্থানৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰে। কোকৰাঝাৰ জিলাৰ বালাজান তিনালী, চৰাইখোলা, চন্দ্ৰপাৰা, কাৰিগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ সমূহত বন্ধ সমৰ্থকসকলে কেবাখনো দুচকীয়া, চাৰিচকীয়া বাহনৰ লগতে আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ক্ষতিসাধন কৰে।
তাৰোপৰি বালাজান তিনালীত বন্ধ সমৰ্থনকাৰীসকলে শাক পাচলিৰ দোকানসমুহ লণ্ডভণ্ড কৰে। তেনে সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্রমণৰ লক্ষ্য কৰি লয় বন্ধৰ সমৰ্থকে। newsnextone.comৰ আৱাসিক সম্পাদক, আছাম টকচৰ কোকৰাঝাৰৰ সংবাদদাতা তথা জনসাধাৰণ আৰু গণঅধিকাৰ কাকতৰ সাংবাদিক ধনঞ্জয় নাথক মুল লক্ষ্য কৰি লয় আৰু শিল ইটাৰে আক্ৰমণ কৰে। সাংবাদিকক আক্ৰমণ কৰা ঘটনাক বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাক গৰিহণা দিয়ে৷
দোষীক শাস্তি প্ৰদানৰ দাবী জনাই সংগঠনটোৱে৷ আনহাতে, সংগঠনটোৱে বি টি চি কৰ্তৃপক্ষই পূৰ্বৰে পৰা বিশেষ শ্ৰেণীৰ মৰ্যদা পাই থকা জনগোষ্ঠীকক মৰ্যদা কৰ্তন কৰাক লৈ আহ্বান জনোৱা বন্ধৰ সময় চোৱাত ছফিউৰ ৰহমান(২১) নামৰ এজন টেম্পো চালকক দুৰ্বৃত্তই টেম্পো সহ পেট্ৰল ঢালি জ্বলাই দিয়া কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
সংগঠনটোৰ সম্পাদক নজৰুল ইছলাম আৰু সভাপতি শ্বাকামাল খণ্ডকৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে কোকৰাঝাৰৰ চৰাইখোলাত বন্ধৰ সময়ত সংঘটিত হোৱা উক্ত ঘটনাক এবিএমছুৱে তীব্ৰ ভাষাৰে গৰিহনা জনায়। এনে কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়াৰ বিহাৰ উপৰিও ভুক্তভোগী পৰিয়ালক পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ দাবী জনাই বিটিচি কৰ্তৃপক্ষক।
আনহাতে উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ৰাইজক সংযম বহবলৈ অনুৰোধ জনাই চৰকাৰ তথা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে। ইপিনে বন্ধৰ সমৰ্থকে newsnextone.comৰ আৱাসিক সম্পাদক ধনঞ্জয় নাথক আক্ৰমণ কৰাৰ ঘটনাক newsnextone.comৰ পৰিয়ালে গৰিহণা দি শীঘ্ৰে দোষীক আটক কৰাৰ দাবী জনায়৷