ভাৰত-ভূটান সীমান্ত কঁপালে আছুৱে, বিধেয়কৰ বিৰুদ্ধে মুছলপুৰ-গোৰেশ্বৰত অবড়োৰ প্ৰতিবাদ

newsnextone.com | গোৰেশ্বৰঃ অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ভাৰত-ভূটান সীমান্তত আছুৰ আহ্বানত দেওবাৰে কেইবাশতাধিক লোক ৰাজপথলৈ ওলাই আহি গৰজি উঠে৷

হাতে হাতে জোঁৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শ্ল’গান দি ভাৰত-ভূটান সীমান্ত উত্তাল কৰি তোলে৷ কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, অসম ধ্বংকাৰী বিধেয়ক বাতিল কৰক আদি শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে৷ 

আছু নেতা সমৰজ্যোতি বেজবৰুৱাই জোঁৰ সমদলত অংশ লৈ চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ গৰিহণা দি মেঘালয় চৰকাৰৰ দৰে সিদ্ধান্ত লবলৈ সৰ্বা চৰকাৰক দাবী জনায়৷ জাতীয় নায়কৰ মুখা পিন্ধি থাকিলে ন’হব বুলি কৈ ৰাইজৰ দাবী মানি নললে আকৌ এবাৰ অসম আন্দোলন হ’ব বুলি কয় সমৰজ্যোতি বেজবৰুৱাই৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উপৰখুটি বাঙালীপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ পূব ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত উলিওৱা জোঁৰ সমদলত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ পূব ডেফেলী আঞ্চলিক সমিতি, উত্তৰ পূব বাক্সা দেৱ দামোদৰ সত্ৰ, গোৰ্খা ছাত্ৰ সন্থাই অংশ লয়।

আনহাতে বাক্সা জিলাৰ সদৰ আৰু গোৰেশ্বৰতো অবড়ো সুৰক্ষা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বাক্সা জিলা সমিতি আৰু মুছলপুৰ সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত অসম বিভাজন হ’ব নিদিয়াৰ লগতে অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব দিয়া নহ’ব বুলি কয়৷ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কৃষক নেতা অখিল গগৈয়ে অবড়ো সুৰক্ষা সমিতিয়ে এই কাৰ্য গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জনাই৷

কোনো কাৰণত যাতে এই আইন গৃহিত কৰিব নোৱাৰে তাৰ বাবে সকলো ৰাইত একত্ৰিত হ’বলৈ আহ্বান জনায় গগৈয়ে৷ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতা। আনহাতে গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে বিয়লি এটি সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।