কোকৰাঝাৰ এবছুৰ অধিবেশন আৰম্ভ, বডোলেণ্ড সন্দৰ্ভত আলোচনা

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত শনিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ৪৯ তম অধিবেশন আৰু অভিভক্ত গোৱালপাৰা জিলা এবছুৰ সোণালী জয়ন্তী অধিবেশন।

সোণালী জয়ন্তী অধিবেশনৰ প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি অধিবেশনৰ মূল তোৰণ উদ্ধোধন কৰে কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্বজেন্দ্ৰ ব্ৰহ্মই। এনেদৰে স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্ম সোঁৱৰণী মূল মঞ্চ উদ্ধোধন কৰে ৮নং দোতমা বি টি চি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য যতীৰিন্দ্ৰ ব্ৰহ্মই।

ইয়াৰ পিছতে পৰ্য্যায়ক্ৰমে ভোজনালয়, প্ৰতিনিধি শিবিৰ আদিকে ধৰি বিভিন্ন বিভাগৰ বিপনীসমুহ তথা প্ৰদৰ্শনী শিৱিৰ উদ্ধোধন কৰা হয়। সন্ধিয়া প্ৰতিনিধি পঞ্জীয়নৰ পিচতেই প্ৰথম প্ৰতিনিধি সভা আৰম্ভ হয়। অধিবেশন উদযাপন সমিতিয়ে সদৰী কৰা মতে চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া সোণালী জয়ন্তীৰ অধিবেশনথলীতে বড়োসকলৰ বিভিন্ন সমস্যাৰ  উপৰিও বড়ো সকলৰ মূল সমস্যা পৃথক বডোলেণ্ড গঠন দাবী সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হব।