
newsnextone.com | পশ্চিম নলবাৰীঃ নলবাৰী জিলাৰ বৰঝাৰত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতিত হয়। দুৰ্ঘটনাৰ ফলত এগৰাকী ৭০ বৰ্ষীয় মহিলা নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়৷
ঘটনাৰ বিৱৰণী মতে, বৰঝাৰ বাছ আস্থানত স্বামী লক্ষী কলিতাই পত্নী নিৰুপমা কলিতাৰ সৈতে বাছৰ পৰা নামৰ সময়তে এখন তীব্ৰবেগী মটৰ বাইকে আহি খুন্দা মাৰে৷ ফলত সংকটজনক অৱস্থাত মহিলাগৰাকীক নলবাৰীৰ নলবাৰী সাৰথি হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আনহাতে মহিলাগৰাকীৰ স্বামী লক্ষী কলিতা বৰ্তমানো সাৰথি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে, দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত বাইক আৰোহী ত্ৰিদিপ ৰাজবংশীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ নিহত মহিলা গৰাকীৰ ঘৰ বৰঝাৰত বুলি জানিব পৰা গৈছে।