দুৰ্ঘটনাক লৈয়ো ব্যৱসায়, নিৰ্বিকাৰ পৰিবহণ বিভাগ

ৰঙিয়াঃ পথ দুৰ্ঘটনা সংঘটিত হৈ ক্ষতিগ্ৰস্ত হোৱা গাড়ীৰে দ’ম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী থানাৰ চৌহদসমূহ। ৰাজ্য চৰকাৰৰ পঞ্জীনভূক্ত বিভিন্ন কোম্পানীৰ গাড়ীসমূহ এনেদৰে বিভিন্ন সময়ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত থানাসমূহলৈ অনা হয় যদিও গাড়ীৰ গৰাকীয়ে কেতিয়াও মূৰ নঘমায় তেওঁৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চক লৈ।

♦ দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ দমে পাহাৰৰ ৰূপ লৈছে থানাত
♦ আনৰ গাড়ীৰ পঞ্জীয়ন নম্বৰেৰে উলিয়াইছে বীমাৰ ধন 

কাৰণ থানাত দ’ম হৈ থকা গাড়ীসমূহৰ অধিকাংশৰে নাই ইঞ্চুৰেঞ্চ। এনেদৰে ইঞ্চুৰেঞ্চ নথকা গাড়ীসমূহক লক্ষ্য কৰিয়ে এম এ চি টিৰ বৃহৎ দালাল চক্ৰই গোপনে মিতিৰআলি কৰিছে আৰক্ষীৰ লগত। যাৰ বিনিময়ত একাংশ গাড়ীৰ গৰাকীক কিছু পৰিমানৰ ধনেৰে মেনেজ কৰি তেওঁৰ গাড়ীৰ নম্বৰ দেখুৱাই এম এ চি টিৰ নামত বীমা কোম্পানীৰ পৰা উলিয়াই আনিছে বৃহৎ অংকৰ ধন।

তেনেদৰে গাড়ী চলোৱা অনুজ্ঞাপত্ৰ নথকা লোকসকলৰ ক্ষেত্ৰতো এম এ চি টিৰ এই বৃহৎ দালাল চক্ৰটোৱে একাংশ চালকৰ পৰা মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত অনুজ্ঞাপত্ৰখন আনে৷  বিনিময়ত চক্ৰটোৱে নিৰ্দিষ্ট কিছুসংখ্যক অধিবক্তাৰ জৰিয়তে এম এ চি টিৰ নামত গোচৰ ৰুজু কৰি বীমা কোম্পানীৰ পৰা ধন উলিয়ায়।

গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বীমা কোম্পানীৰ পৰা লাভ কৰা ধন দুৰ্ঘটনাত আহত তথা এম এ চি টিত গোচৰ ৰুজু কৰা লোকজনে যেনে ধৰণে লাভ কৰিব লাগিছিল তেনে ধৰণে নাপায়। ইয়াৰ বিনিময়ত দালাল চক্ৰটোৱে আৰক্ষীক মেনেজৰ নামত লৈ যায় অধিকাংশ ধন।

মুঠৰ ওপৰত এম এ চি টি গোচৰৰ নামত ৰাজ্যৰ প্ৰতিখন থানাতে চলিছে দালাল চক্ৰৰ ৰমৰমীয়া ব্যৱসায়। ইয়াৰ বিপৰীতে, দুৰ্ঘটনাত নিহত আৰু আহত ব্যক্তিসকলৰ পৰিয়ালে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।