নিশা পুৰনিগুদামৰ ৰাজপথত গৰুৰ উপদ্ৰৱ

বঢ়মপুৰঃ এইবাৰ হাতীৰ উপদ্ৰৱ নহয়¸ গৰুৰ খুন্দাত পথৰ ওপৰতে বগৰিলে দুই বাইক আৰোহী৷ কথমপিহে ৰক্ষা পৰিল দুয়োৰে প্ৰাণ। ৰূপহীহাটৰ পৰা পুৰণিগুদামৰ নিজৰ ঘৰলৈ নিশা বাইকেৰে আহি থকা সময়তে এজাক গৰুৰ খুন্দাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় দুয়োজন লোক।

স্থানীয় ৰাইজে পথৰ দাঁতিত মুমূৰ্ষ অৱস্থাত দুই বাইক আৰোহীক প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত।

কিন্তু দুয়োৰে মুৰৰ আঘত অতি গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাৱে সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ নিশায়ে প্ৰেৰণ কৰা হয়।