ঈদৰ দিনাই বটদ্ৰৱাৰ শান্তিজানত সোমাল 'ইয়ন', নিহত-১

newsnextone.com | বটদ্ৰৱাঃ পৱিত্ৰ ঈদৰ উলহ মালহৰ মাজতে বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাই জিলাখনত শোকৰ ছাঁ পেলায়।

জানিব পৰা মতে, মৈৰাবাৰীৰ পৰা শিলপুখুৰী বড়িবজাৰ অভিমুখী তীব্ৰবেগী এএছ ০২-আৰ-৭৪০৪ নম্বৰৰ এখন ব্যক্তিগত ইয়ন কাৰে নিয়ন্ত্ৰণ হেৰুৱাই পুৱতি নিশা প্ৰায় ৩ বজাত শান্তিজানত সোমাই যায়৷

নিশাৰ পৰা মুষলধাৰ বৰষুণৰ ফলত পিছল হৈ থকা পকী পথত তীব্ৰবেগী বাহনখন চালকে নিয়ন্ত্ৰন ৰাখিব নোৱাৰাৰ ফলতেই পথৰ পৰা চিধা শান্তিজানত সোমাই যায় বুলি বটদ্ৰৱা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈয়ে জানিবলৈ দিছে৷

দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে দুজন আৰোহী ক্ৰমে জিয়াবুৰ ৰহমান আৰু আব্দুল চাত্তাৰে নিজে পানীৰ তলৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ চালক নুৰুল আমিন পানীৰ তলত আবদ্ধ হৈ ৰয়৷

মৰিগাঁও অগ্নি আৰু জৰুৰীকালীন সেৱাৰ এছডিআৰএফ দলৰ ডীপ ড্ৰাইভাৰ ধীৰাজ কোঁৱৰ, ৰাকেশ ৰয়ে পুৱাৰে পৰা শান্তিজানৰ গভীৰ পানীত অভিযান চলায় অৱশেষত নুৰুল অামিনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, পূৰ্বপুৰুষৰ নিয়ম পালন কৰি ঐতিহাসিক শান্তিজানৰ নিকটবৰ্তী লোকসকলে 'শান্তিআই'ক বন্তিচাকি, ধূপ, এৱাগাখীৰ, ফুল আগবঢ়াই নিখোজ হৈ থকা লোকজনৰ মুক্তি কামনাৰে প্ৰাৰ্থনা জনায়৷

বটদ্ৰৱা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

আনহাতে, গুৰুজনাৰ জন্মস্থানখনলৈ বহু যান বাহনেৰে দৈনিক তীৰ্থযাত্ৰী তথা ৰাইজৰ আগমন ঘটে ৷ কিন্তুু গভীৰ শান্তিজানৰ পাৰেৰে যোৱা প্ৰায় আধা কিলোমিটাৰ পথত গড়কপ্তানি বিভাগে কোনো ধৰণৰ বেৰিকেড আদিৰ ব্যৱস্থা নকৰি উন্মুক্ত অৱস্থাত ৰখাৰ বাবে এই স্থানখিনিত প্ৰায়েই দূৰ্ঘটনা সংঘটিত হৈ আহিছে৷ ৰাইজে অতি শিঘ্ৰে শান্তিজানৰ পাৰে পাৰে বেৰিকেড নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

ইপিনে বটদ্ৰৱাৰ যুৱকসকলে বৃহস্পতিবাৰে শান্তিজানৰ তীৰত দূৰ্ঘটনা প্ৰশমণ আৰু মৃত ব্যক্তিজনৰ আত্মাৰ সদ্ গতি কামনাৰে নাম-কীৰ্তনৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে৷