সোণাৰিত ভয়াবহ পথ দূৰ্ঘটনা, নিহত ১ আহত ২

চৰাইদেউঃ এক ভয়াবহ দূৰ্ঘটনাই আজি কপাঁই থৈ গ’ল চৰাইদেউ জিলাৰ সোণাৰি অঞ্চল৷ আজি সোণাৰিৰ বেঙেনাবাৰীত AR 02-5697 নম্বৰৰ টাটা চুম’ এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত এটা বৈদ্যুতিক খুন্দা মাৰে৷

ফলত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰ ভাৱে আহত হয়৷ নিহত আৰু আহত দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

দূৰ্ঘটনাত পতিত হোৱা গাড়ীখন অৰুণাচলৰ এন টি এল এল পি নামৰ পথ নিৰ্মাণ কোম্পানীৰ বুলি জানিব পৰা গৈছে।