জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

মালিগাঁওঃ জালুকবাৰী সাতমাইলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত তিনি খনকৈ বাহন। জালুকবাৰী অভিমুখে অহি থকা ট্ৰাক এখনে পোন প্ৰথমে খুন্দা মাৰে পথ অতিক্ৰম কৰিব যোৱা এখন জেন বাহনক। ইয়াৰ পিছতেই জেনখনে খুন্দা মাৰে আজাৰা অভিমুখী এখন উবেৰক।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱতীসহ দুজনকৈ লোক। দুৰ্ঘটনাত পতিত হোৱা উবেৰখনত আছিল এজন বৃদ্ধ। জানিব পৰা মতে GMCHত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বৃদ্ধগৰাকী।

বৃদ্ধাগৰাকী মিৰ্জাৰ যতিন দাস বুলি জানিব পৰা গৈছে। আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷ আহত লোক কেইজনক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাতপতিত উবেৰখনৰ নং AS01-JC-0415 আৰু জেনখনৰ নং AS01-A-6045৷ আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে৷