বৰাক উপত্যকাৰ কালাইনত পথ দুৰ্ঘটনা, আহত ২৩

কাছাৰঃ বৰাক উপত্যকাৰ কালাইনত বৃহস্পতিবাৰে সংঘটিত হয় ভয়াবৰ পথ দুৰ্ঘটনা৷ জানিব পৰা মতে, কালাইনৰ কৰচুৰা পেট্রল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথত WB-11-C-3906 নম্বৰৰ এখন দ্ৰুত বেগী ট্ৰাক আৰু বিপৰীত দিশৰ পৰা অহা AS-11-BC-6982 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷

ফলত ২৩ জনকৈ লোক গুৰুতৰ বাবে আহত হয়৷ স্থানীয় ৰাইজে আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷ নুৰুল হ’ক, মায়া মালাকাৰ, সীমা দাসৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কসকলক শিলচৰ মেডিকেল হস্পিতালত ভৰ্তি কৰা হয়৷ স্থানীয় বিধায়ক অমৰ চান্দ জৈন, কংগ্ৰেছ নেতা বিশাল চৰকাৰ, জাকিব হুছেইন আদিয়ে আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷