নলবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ১

নলবাৰীঃ নলবাৰী ৰেল ষ্টেচনৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘতিত হয়৷ প্ৰাপ্ত তথ্য মতে, ৪০৭ ট্ৰাক এখনে ৩ গৰাকী পথচাৰীক মহটিয়াই লৈ যোৱাত এজন লোকৰ থিতাতে নিহত বোৱাৰ বিপৰীতে বাকী দুজন গুৰুতৰ ভাৱে আহত হয়৷

নিহত লোকজৰ নাম মনোজ দত্ত (৫৬) বুলি জানিব পৰা গৈছে। সম্প্ৰতি আহত দুজনক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ-২৫ বি-৯৩৮৯ নম্বৰৰ ৪০৭ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি নলবাৰী থানালৈ লৈ আহে।