
কলিয়াবৰঃ নগাঁও জিলাৰ দেওপানীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ ভগ্নী-ভাতৃৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, AS-01-GC-8566 ন্মবৰৰ এখন তীব্ৰ বেগী ট্ৰাক আৰু AS-12-C-0370 নম্বৰৰ এখন বাইকৰ মুখামুখি সংঘৰ্ষ লাগে৷
ফলত বিদ্যালয়লৈ আহি থকা জ্যেষ্ঠ ভাতৃ সঞ্জয় ওৰাং আৰু ভগ্নী ফুলকুমাৰী ওৰাঙৰ থিতাতে মৃত্যু হয়৷ কলিয়াবৰৰ কুঠৰীৰ নিজগৃহৰ পৰা কুৱৰীটোল বিদ্যালয়লৈ আহি থকা অৱস্থাতে তীব্ৰবেগী ট্ৰাক খনে তেওলোকক খুন্দিয়াই একপ্ৰকাৰ হত্যা কৰে৷ ফুলকুমাৰী ওৰাঙ কুৱৰীটোল হাইস্কুলৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।