দুৰ্ঘটনাত পতিত গাড়ীৰ চেপাত ২ ঘন্টা চটফটাই প্ৰাণ গ’ল ব্যৱসায়ীৰ

মোৰাঝাৰঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত গাছতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰ ভাবে আহত হয়৷ ডবকা গাছতলাত ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথত এখন ৰখাই থোৱা ট্ৰাকত বলেৰ’ পিকআপ ভানে খুন্দা মৰাৰ ফলত মইনুল হক নামৰ লোকজনে চেপাত আৱদ্ধ হৈ প্ৰায় দুই ঘন্টা চটফটাই মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, ডবকা গাছতলাত WB-19-G-6814 নম্বৰৰ ট্ৰাক খন পথৰ দাতিত ৰখাই চালকে চাহ খাবলৈ যায়।

তেনে সময়তে AS-12-AC-0963 নম্বৰৰ তীব্ৰ বেগী এখন বলেৰ' পিকআপ ভানে ট্ৰাক খনত খুন্দা মাৰে৷ পিক-আপ ভানৰ চালক এনতাজ আলী আৰু ব্যৱসায়ী মইনুল হক গাড়ীৰ চেপাত আৱদ্ধ হৈ পৰে। গাড়ীৰ ভিতৰতেই প্ৰায় দুই ঘণ্টা চটফটাই মৃত্যুৰে যুজ দিয়ে৷ ৰাইজে তথা আৰক্ষীয়ে বহু চেষ্টা কৰিও গাড়ীৰ চেপাত আৱদ্ধ হোৱা মইনুল হকক উদ্ধাৰ কৰিব নোৱাৰাত চটফটাই চেপাত আৱদ্ধ হোৱা ঠাইতে মৃত্যুক আকোৱালি লয়৷

যদিও গাড়ী চালক এনতাজ আলীক কেইবাঘণ্টাৰ চেষ্টাৰ অন্তত গাড়ীৰ চেপাৰ পৰা স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চালক জনক উদ্ধাৰ কৰি ডবকা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি নগাঁৱলৈ প্ৰেৰণ কৰে৷ গাড়ীৰ চেপাৰ পৰা জেচিবিৰে মইনুল হকৰ মৃতদেহ উলিয়াবলৈ সক্ষ্ষম হয়৷ ডবকা অঞ্চলত ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত বৃহৎ বৃহৎ গাড়ী ৰখাই থোৱাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ প্ৰাণ যায় যদিও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ।