উত্তৰপ্ৰদেশত চলন্ত ট্ৰেইনে খুন্দিয়ালে স্কুলবাছক, নিহত ১৩ শিশু

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১১ টি শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল।

কুশীনগৰৰ দুধী স্থানৰ ৰেলৱে ক্ৰছিঙত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ততালিকে ঘটনাস্থলীত উপস্থিত হয়।