
ডিজিটেল ডেস্কঃ মহিলা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰিক আটক কৰিবলৈ সক্ষম নোহোৱাত বলিউদৰ এগৰাকী অভিনেতাই পুৰস্কাৰ উভতাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰে৷ অভিনেতাগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুৰস্কাৰ উভতাই দিয়াৰ মত প্ৰকাশ কৰাৰ বিষয়টোৱে দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
বলিউদৰ ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতা প্ৰকাশ ৰাজে এই মত প্ৰকাশ কৰিছে৷ অভিনেতাগৰাকীয়ে নৰেন্দ্ৰ মোডীক ভাল অভিনেতা আখ্যা দি এই মত ব্যক্ত কৰে৷ ৫টাকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে অভিনয়ৰ দক্ষতাৰ ক্ষেত্ৰত তেওঁতকৈ ওপৰত স্থান দিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
এমাহ পূৰ্বে মৃত্যু হোৱা বাংগালুৰুৰ মহিলা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱাত মোডীক পাকৈত অভিনেতা আখ্যা দি প্ৰকাশে তেওঁৰ পাঁচোটা পুৰস্কাৰ ওভতাই দিবলৈ ইচ্ছা প্ৰকাশ কৰে। গৌৰী লংকেশ সদায় সত্যৰ পথত নিৰ্ভীকভাবে আগবাঢ়ি যোৱাৰ লগতে ধৰ্মনিৰপেক্ষতাৰ অধিবক্তা স্বৰূপ আছিল৷ তেওঁক এমাহ পূৰ্বে নিজ ঘৰৰ সন্মুখতে হেলমেট পৰিহিত অজ্ঞাত লোকে গুলিয়াই হত্যা কৰে। হত্যাকাণ্ডত জড়িত লোকক আৰক্ষীয়ে আটক কৰিব নোৱাৰাত এই মন্তব্য প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে৷
ডিৱাইএফআইৰ এখন সভাত উপস্থিত থাকি অভিনেতাগৰাকীয়ে মোডীক তীব্ৰ সমালোচনা কৰে৷ গৌৰী লংকেশৰ সৈতে তেওৰ ৩৫ বছৰীয়া সম্পৰ্ক আছিল বুলি কয়৷ সাংবাদিকগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ নীৰৱ হৈ থকাতো তেও প্ৰশ্ন উত্থাপন কৰে৷ চছিয়েল মিডিয়াত একাংশ লোকে গৌৰি লংকেশৰ মৃত্যুত উল্লাস কৰা ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয় "আমি সকলোৱে জানো তেওলোক কাৰ সমৰ্থক৷ কাৰ আদৰ্শত বিশ্বাসী তেওলোক৷ আমাৰ প্ৰধানমন্ত্ৰীক টুইটাৰত তেওলোকে ফ’ল কৰে৷ এয়া চিন্তাৰ বিষয়"৷
কেৱল ইমানে নহয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি যোগী পূজাৰী নে মুখ্যমন্ত্ৰী ধৰিবই নোৱাৰি বুলি কয়৷ প্ৰধানমন্ত্ৰীক উভতি ধৰি আমাক চকুত ধুলি দিব নোৱাৰিবি বুলিও কয় প্ৰকাশে৷ তামিল, তেলেগু আৰু কন্নড় ভাষাৰ বোলছবিত অভিনয় কৰি ৫ টাকৈ পুৰস্কাৰ লাভ কৰা প্ৰকাশ ৰাজে।