চেক গণৰাজ্যৰ মোহময়ী অভিনেত্ৰী চাৰাই পৰিদৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সোত বৈছে দেশী-বিদেশী পৰ্যটকৰ৷ সময়ে সময়ে কাজিৰঙাত পৰ্যটকৰ বাবে ন্যুনতম সুবিধা প্ৰদানত চৰকাৰ বিফল হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে যদিও প্ৰতিদিনে পৰ্যটকে আহি কাজিৰঙা ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে৷

দেশ-বিদেশৰ পৰ্যটেকেৰে পুৱাৰে পৰা ভৰি পৰে কাজিৰঙা৷ তাৰ মাজতে চেক গণৰাজ্যৰ এগৰাকী মোহময়ী অভিনেত্ৰীয়ে কাজিৰঙা ভ্ৰমণ কৰে৷ অভিনেত্ৰীগৰাকীক সংগ দিয়ে চেক গণ ৰাজ্যৰ ভাৰতৰ ৰাষ্ট্ৰদূতে৷ চেক গণ ৰাজ্যৰ মোহময়ী অভিনেত্ৰী চাৰাই কাজিৰঙাত উপস্থিত হৈ সুখী হোৱা বুলি কয়৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিদৰ্শন কৰি চাৰাই কলে 'বহুত ভাল লাগিল'।

কাজিৰঙাৰ মিহিমুখত হাতীৰ সৈতে ধেমালি কৰি চেলফি ললে অভিনেত্ৰীগৰাকীয়ে। কাজিৰঙাৰ ফুলনদেৱী আৰু কুঁৱৰীৰ পিঠিত উঠি উদ্যান ভ্ৰমণ কৰে অভিনেত্ৰীৰ সৈতে অহা দলটোৱে৷ ১০টা গঁড়ৰ লগতে বিভিন্ন জীৱ-জন্তু  প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে সোমবাৰে অসমত উপস্থিত হোৱা দলটোৱে। প্ৰথমবাৰ হে কিন্তু শেষবাৰৰ বাবে কাজিৰঙা ভ্ৰমণ নহয় বুলি কৈ অভিনেত্ৰী গৰাকীয়ে পৰ্যটন উত্তৰণৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায়৷