আদিবাসীসকলে ‘জল-জংঘল-জমিন’ আন্দোলনৰ বাবে পুনৰ সংকল্প গ্ৰহণ কৰিব ৯ জুনত

newsnextone.com | বিহালীঃ আদিবাসীসকলে অতীজৰে পৰা বংশানুক্ৰমে জল-জংঘল-জমিনত নিজৰ অধিকাৰ ভোগ কৰি আহিছে৷ দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা এই অধিকাৰ সাব্যস্ত কৰি আহিছিল যদিও বগা বৃটিছসকলে খাটিখোৱা দৰিদ্ৰ আদিবাসীসকলৰ এই অধিকাৰ কাঢ়ি নিয়ে। তাৰ পিছতে ইংৰাজৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল দেশৰ আদিবাসীসমাজ৷ দেশৰ আন আন সম্প্ৰদায়ৰ সৈতে লগলাগি সমানে সমানে স্বাধীনতাৰ বাবে আন্দেলন কৰিছিল আদিবাসীসমাজে৷

আদিবাসীসকলক ইংৰাজৰ শাসনৰ বিৰুদ্ধে সু-সংগঠিত বিদ্ৰোহৰ নেতৃত্ব দিছিল বিৰচা মুণ্ডাই৷ যিগৰাকী নেতা আছিল আন্দোলনৰ প্ৰথম আদিবাসী নেতা। বিৰচা মুণ্ডা হ’তৰ নেতৃত্বত ভাৰতবৰ্ষ স্বাধীন হ’ল সঁচা কিন্তু আদিবাসীসকলৰ পৰা কাঢ়ি নিয়া হ’ল ভূমিৰ অধিকাৰ৷ কৰা হ’ল জাত-পাতৰ নামত নিৰ্যাতন, নিজ ভূমিৰ পৰা কৰা হ’ল উচ্ছেদ৷ তেতিয়াৰ পৰা আজিলৈ বৰ্তমান চৰকাৰৰ দিনতো আদিবাসী জনজাতিৰ লোকক নিজ ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে৷

অসমতো আদিবাসী পৰিয়ালক হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অসমৰ আদিবাসীক মাটিৰ পট্টা দিয়াৰ বিপৰীতে মাটি দিছে বাবা ৰামদেৱক৷ নিজৰ ভেটিৰ পৰা খিলঞ্জীয়া জনজাতি আদিবাসীসকলক উচ্ছেদ কৰা হৈছে৷ আমচাং-গোৱালপাৰাত নিজ ভূমিৰ পৰা উচ্ছেদৰ লগতে সৌ সিদিনা বৰগাং চাহ বাগিচাৰ নিবাসী ৰমেশ পৰজা আৰু চামেল পৰজা নামৰ লোকক প্ৰায় ৭০ বছৰৰো অধিক কাল ভোগ কৰি অহা মাটিৰ পৰা উচ্ছেদ কৰিছে চৰকাৰ খনে। 

এয়া আছিল মুক্তি যোদ্ধা বিৰচা মুণ্ডাৰ শ্বহীদ দিৱসৰ পূৰ্বে অসমৰ আদিবাসীসকলৰ বাবে কেইবাটাও আদিবাসীসংগঠনৰ বাৰ্তা৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ আদিবাসী জনজাতি, খিলঞ্জীয়া জনজাতি খিলঞ্জীয়াসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি কৈ এনেদৰে নিজৰ জনগোষ্ঠীক কৰি অহা অন্যায়ৰ বিৰুদ্ধে প্ৰচাৰ চলাই। অসমৰ আদিবাসী চাহ শ্ৰমিকৰ অন্যতম মূল দাবী ৩৫০ টকা দৈনিক মজুৰিৰ প্ৰতি সম্পূৰ্ণ বিশ্বাসঘাটকতা কৰা বুলি আদিবাসীসকলে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে৷

ভাৰতৰ স্বাধীনতা যোদ্ধা বিৰচা মুণ্ডাৰ নামত কলেজ স্থাপন নকৰি দীনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপন কৰি আদিবাসীসকলক চৰম অপমান কৰিছে বুলিও কয়। মহান বিপ্লৱী নেতা বিৰচা মুণ্ডাৰ আদৰ্শৰে জল-জংঘল-জমিন আন্দোলন কৰাৰ পুনৰ সংকল্প গ্ৰহণৰ বাবে আদিবাসীসকলে অহা ৯ জুনত পুনৰ একত্ৰিত হ’ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিপ্লৱী যুৱ সন্থা, ৰেভুলেচনাৰী য়ুথ এচোছিয়েচন, সদৌ ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত পশ্চিম জিনজিয়া-বিহালীবাসীৰ সহযোগত অহা ৯ জুনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পথ প্ৰদৰ্শক বিৰচা মুণ্ডাৰ শ্বহীদ দিৱস উদযাপন কৰা হ’ব। শ্বহীদ দিৱসৰ কাৰ্যসূচীত পুনৰ আন্দোলনৰ সংকল্প গ্ৰহণ কৰিব৷