
কোকৰাঝাৰঃ ৰাজ্যত তথা বিটিএডিত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে এখন গণ সমাৱেশ অনুষ্ঠিত হয় কোকৰাঝাৰত৷ কেইবা সহস্ৰাধিক পুৰুষ-মহিলাৰ উপস্থিতিত অনুষ্ঠিত গণ সমাৱেশত জনগোষ্ঠীটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকি ৰাজ্য-কেন্দ্ৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ কোকৰাঝাৰৰ আমগুৰীত অনুষ্ঠিত হয় আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ৷
আদিবাসী জনগোষ্ঠীৰ চাওতাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, চাওঁৰা, কিষাণ, প্ৰজা, বেদিয়া, লহৰা, কোল, ভিল, মিৰ্ধা, মাহাতো, চিক বাড়াই আদি সম্প্ৰদায়ৰ লোক উপস্থিত থাকি আদিবাসীক শীঘ্ৰে জনজাতিকৰণৰ কৰাৰ লগতে যুদ্ধবিৰত আদিবাসী বিদ্ৰোহী সংগঠনৰ সমস্যা সমাধানৰ দাবী জনায়৷
সভাত আদিবাসী জাতীয় মহাসভা সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডা উপস্থিত থাকি ৰাজ্যত বসবাস কৰা আদিবাসী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰি জনজাতিকৰণৰ নকৰিলে আদিবাসী জাতীয় মহাসভাই পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰিব বুলি সদৰি কৰিছে।
চৰকাৰৰ ভূমিকাক অতি কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰে জনগোষ্ঠীটোক নিঃশেষ কৰাৰ চক্ৰান্তত লিপ্ত হৈছে বুলি অভিযোগ কৰে বীৰসিং মুণ্ডাই৷ জনজাতিকৰণৰ বাবে কোনো মডেলিটিৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য প্ৰকাশ কৰি ২০১৯ চনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে আদিবাসী জাতীয় মহাসভাই পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰি দিব বুলি কয়৷
প্ৰতিকুল বতৰকো নেওঁচি কেইবা সহস্ৰাধিক আদিৱাসী জনতাই জনসভাত অংশগ্ৰহণ কৰে। জনসভাত অংশগ্ৰহণ কৰি আদিবাসী জাতীয় মহাসভা সংগ্ৰামী গোটৰ সভাপতি বয়েল হেমব্ৰমে আদিবাসী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন উত্থাপন কৰি আদিবাসী বিদ্ৰোহী সংগঠনৰ দাবীসমূহ আলোচনাৰ জৰিয়তে সমাধান কৰা, উচ্ছেদিত আদিবাসী খেতিয়কক ভূমি আৱণ্টন দিয়া, চাহ শ্ৰমিকক ভূমি আৱণ্টন দিয়াৰ উপৰিও আন কেইবাটাও দাবী শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰে।