১৫টা গোচৰৰ অভিযুক্ত উমেশ গুপ্তাক গ্ৰেপ্তাৰৰ দাবীত বোকাজানত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

newsnextone.com | বোকাজানঃ মঙলবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই এগৰাকী ১৫টা গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত কাৰ্বি পাহাৰৰ বোকাজনত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ 

হত্যাৰ ভাবুকি, অপহৰণ, সাংবাদিকক মাৰধৰ কৰাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত তথা ১৫টাকৈ গোচৰ ৰুজু হৈ থকা এগৰাকী লোকক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত হৈ সদৌ অসম আদিবাসী ছাত্র সন্থাই কাৰ্বি আংলঙৰ বোকাজানৰ শুকানজানত ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে৷ উমেশ গুপ্তাই নামৰ লোকজনৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ বিভিন্ন আৰক্ষী থানাত জামিন বিহীন গোচৰকে ধৰি মুঠ ১৫টা গোচৰ ৰুজু হৈ থকাৰ পিছতো মুকলিকৈ ঘুৰা-ফুৰা কৰি থকাত মঙলবাৰে ৰাজপথ অৱৰোধ কৰি আৰক্ষীক ধিক্কৰ দিয়ে বোকাজনৰ দল-সংগঠনে৷

বোকাজান নিবাসী উমেশ গুপ্তাৰ বিৰুদ্ধে সাংবাদিকক মাৰধৰ কৰাৰো গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা যায়৷ উমেশ গুপ্তাই সংবাদ মাধ্যমক বিপথে পৰিচালনা কৰাৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতেও ভাল সম্পৰ্ক বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

একাংশ লোকে উমেশ গুপ্তাক জুৱাৰ ব্যৱসায়ী তথা বিভিন্ন অপৰাধ জনিত কাৰ্যৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে৷ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ উদ্যোগত তথা বোকাজানবাসী ৰাইজৰ সহযোগত শুকানজানত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উমেশ গুপ্তাৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে জিলাখনৰ বিভিন্ন থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনায়। 

বোকাজানত মাফিয়া কায়দাৰে উমেশ গুপ্তাই সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি বোকাজানবাসী আতংকিত হৈ পৰা বুলি কয়। প্ৰশাসনে গুপ্তাক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে অনিৰ্দিষ্টকালীন ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ভাবুকি প্ৰদান কৰে আছাৰ নেতা অনিল তপ্পই৷

উমেশ গুপ্তাই ব্যক্তিগত শত্ৰুতাৰ পোটক তুলিবলৈ ছাত্ৰ সংগঠনটোৰ ওপৰত অপবাদ জাপি দিয়া বুলি কৈ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে ছাত্ৰনেতাগৰাকীয়ে। গুপ্তাৰ বিৰুদ্ধে জিলাখনৰ কেইবাখনো আৰক্ষী থানাত ১৫টা গোচৰ পঞ্জীয়ন হৈ থকা বুলি কৈ উমেশ গুপ্তাৰ শীৰ্ষ আৰক্ষী মহলৰ সৈতে মিতিৰালী থকাৰ ফলতে জামিনবিহীন পৰোৱানা থকাৰ পিছতো মুকলিকৈ ঘুৰা-ফুৰা কৰা বুলি কয় তপ্পই৷ 

উল্লেখ্য যে, দুবছৰৰ পূৰ্বে বোকাজান প্ৰেছ ক্লাৱৰ সম্পাদক আনন্দ তেৰাংক বাতৰি সংগ্ৰহ কৰিবলৈ যােৱাৰ সময়ত উমেশ গুপ্তাই সাংবাদিকগৰাকীক উগ্ৰপন্থীৰ ভুৱা অপবাদ জাপি দি মাৰধৰ কৰিছিল। হত্যাৰ ভাবুকি, অপহৰণ, মাৰপিটৰ দৰে নানান অপৰাধজনিত কাৰ্যত লিপ্ত থকা বুলি চৰ্চা হোৱা তথা অভিযুক্ত উমেশ গুপ্তাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব বুলি বোকাজানৰ দল-সংগঠনে৷