
গুৱাহাটীঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও সমানে সমানে জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে৷ ৬ জনগোষ্ঠীয়ে কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰি অহাত ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীয়ে দাবী উত্থাপন কৰি অহা জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোচ-ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিৱাসীক জনজাতিকৰণৰ বিৰোধীতাৰে ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে দিছপুৰ লাষ্ট গেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে৷
সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত অসমৰ ৮০ শতাংশ খিলঞ্জীয়া জনসাধাৰণে সমৰ্থন আগবঢ়াই অহাৰ সময়তে কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এইদৰে বাৰে বাৰে টাই আহোম জনগোষ্ঠীৰ লগতে অন্য ৫ জনগোষ্ঠীৰ জন্মস্বত্ব অধিকাৰ জনজাতিকৰণৰ বিৰোধিতা কৰি অপমান কৰা বুলি কয়৷
৬ জনগোষ্ঠীক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে হত্যা কৰাৰ যি ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰি সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে৷ টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আদিত্য খাখলাৰীৰ প্ৰতিকৃতি দাহ কৰি সকীয়াই দি অনাগত দিনত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত বিৰোধ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে৷ অন্যথাই টাই আহোম জনগোষ্ঠীয়ে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ম বুলি প্ৰকাশ কৰে৷