প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত নজিৰ সৃষ্টি কৰিব ইন্দুই

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হ'ব এগৰাকী মহিলা। প্ৰথমবাৰৰ বাবে ন্যায়াধীশ হিচাপে কোনো মহিলা অধিবক্তাৰ নাম পোনপটীয়াভাবে উল্লেখ কৰাত ইতিহাসৰ সৃষ্টি হয়৷ পাঁচ বিচাৰপতিৰ কলিজিয়ামে অধিবক্তা ইন্দু মালহোত্ৰাক ন্যায়াধীশ হিচাপে নিয়োগ কৰাৰ বাবে নাম উল্লেখ কৰে। 

উল্লেখ্য, ইয়াৰ পূৰ্বে কোনো মহিলা অধিবক্তাক পোনপটীয়াভাবে শীৰ্ষ আদালতৰ বিচাৰপতিৰ আসনত বহা নাছিল৷ ফলত ইন্দু মালহোত্ৰাক বিচাৰপতিৰ আসনত নিয়োগ কৰিলে এক নজিৰ হিচাপে বিবেচিত হ'ব৷

সূত্ৰ অনুসৰি, সৰ্বসন্মতিক্ৰমে পাঁচ বিচাৰপতিৰ কলিজিয়ামে ইন্দু মালহোত্ৰাৰ নাম চুপাৰিছ কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ বাবে ইন্দু মালহোত্ৰাৰ উপৰি উত্তৰাখণ্ডৰ প্ৰধান বিচাৰপতি কেএম যোছেফৰ নামো বিচাৰপতিৰ বাবে চুপাৰিছ কৰিছে কলেজিয়ামে৷

১০ জানুৱাৰিত পাঁচ বিচাৰপতিৰ কলেজিয়ামৰ বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকতে সৰ্বসন্মতিক্ৰমে ইন্দু মালহোত্ৰাৰ নাম গৃহিত হয়৷ জানব পৰা মতে বৰ্তমান ‘এপেক্স কোৰ্টত’ হে মাত্ৰ এগৰাকী মহিলা বিচাৰপতি অাছে বুলি জানিব পৰা যায়৷